বিজেপি (BJP)ক ধাৰাবাহিকভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal)। আজি দিল্লী বিধানসভা (Delhi Assembly)তো বিজেপিক তীব্ৰ ভাষাৰে আক্ৰমণ কৰি কেজৰিৱাল আৰু মনীষ ছিছোডিয়া (Manish Sisodia)ই। কেজৰিৱালে কয় যে বিজেপিয়ে শাসনত অহাৰে পৰা এতিয়ালৈ দেশৰ বিভিন্ন ৰাজ্যত ২৭৭ গৰাকী বিধায়কক ক্ৰয় কৰিছে।
উল্লেখ্য যে আম আদমী পাৰ্টী (AAP)ৰ দিল্লীৰ বিধায়কক কোটি কোটি টকাৰ টোপ দি বিজেপিয়ে কিনিবলৈ ষড়যন্ত্ৰ কৰাৰ বিস্ফোৰক অভিযোগ কৰিছে আপ দলে। কেজৰিৱালে বৃহস্পতিবাৰে অভিযোগ কৰে যে AAPৰ ৪০ গৰাকী বিধায়কক কিনিবলৈ বিজেপিয়ে ৮০০ কোটি টকা, প্ৰতিজনৰ বাবদ ২০ কোটি টকা খৰচ কৰাৰ পৰিকল্পনা কৰিছে।
আজি বিধানসভাত কেজৰিৱালে কয় যে বিজেপিয়ে GST আৰু পেট্ৰ'ল-ডিজেল (Petrol-Diesel)ৰ মূল্য বৃদ্ধি কৰি সংগ্ৰহ কৰা টকা ৰাজ্যই ৰাজ্যই বিধায়ক কিনা-বেচাত খৰচ কৰিছে।
উল্লেখ্য যে গুজৰাট নিৰ্বাচন (Gujarat Election)ৰ আগে আগে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াৰ বিৰুদ্ধে সুৰা নীতি কেলেংকাৰীৰ গোচৰ তৰি CBIয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|