বিজেপিৰ পতাকা লগোৱাৰ বাবে যুৱকক গণপ্ৰহাৰ !

চিকিৎসাধীন অৱস্থাত যুৱকজনে কংগ্ৰেছ কৰ্মী জড়িত থকাৰ অভিযোগ কৰিছে! ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ

News18-Assam
Updated:July 24, 2019, 4:13 PM IST
বিজেপিৰ পতাকা লগোৱাৰ বাবে যুৱকক গণপ্ৰহাৰ !
চিকিৎসাধীন অৱস্থাত যুৱকজনে কংগ্ৰেছ কৰ্মী জড়িত থকাৰ অভিযোগ কৰিছে! ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ
News18-Assam
Updated: July 24, 2019, 4:13 PM IST


বিজেপি দলৰ এগৰাকী কৰ্মীয়ে দলীয় পতাকা লগোৱাৰ বাবে এইবাৰ সন্মুখীন হ’ল গণপ্ৰহাৰৰ। স্থানীয় একাংশৰ বাধা দিয়াৰ পিছতো বিজেপিৰ পতাকা লগোৱাত যুৱকজনক গুৰুতৰ ভাবে প্ৰহাৰ কৰে লোকসকলে।গণপ্ৰহাৰৰ ফলত যুৱকজন গুৰুতৰ ভাবে আহত হৈ এতিয়া চিকিৎসাধীন অৱস্থাত আছে। লোকজনৰ নাম  ৰাকেশ ৰয় বুলি জানিব পৰা গৈছে।



মধ্যপ্ৰদেশৰ টিকমগড়ত সংঘটিত হৈছে এই ঘটনা। এনেদৰে বিজেপিৰ পতাকা লগাবলৈ যোৱা যুৱকক মাৰ পিট কৰাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। পিছত ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। চিকিৎসাধীন অৱস্থাত যুৱকজনে কংগ্ৰেছ কৰ্মী জড়িত থকাৰ অভিযোগ কৰিছে! ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ

 
আৰু চাওক পৰৱৰ্তী বাতৰি