জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিজেপি গমনৰ পিছতে কংগ্ৰেছ বিধায়কৰ পদত্যাগে এতিয়া বিপদত পেলাইছে মধ্যপ্ৰদেশৰ কংগ্ৰেছ চৰকাৰক।
আজি ৰাজ্যখনত বিধানসভাৰ বাজেট অধিবেশন আৰম্ভ হৈছিল যদিও ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি অধ্যক্ষই অহা ২৬ মাৰ্চ পৰ্যন্ত স্থগিত ৰাখিলে সদন। বিধানসভাত বিৰোধী বিজেপিয়ে দাবী কৰিছিল আস্থা ভোটৰ কিন্তু বিধানসভাৰ কাৰ্যকমনিকাত নিছিল আস্থা ভোটৰ কথা। ফলত সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে বিজেপিয়ে।
এতিয়া আস্থাভোট বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে বিজেপি। অহা ৪৮ ঘণ্টাৰ ভিতৰত ৰাজ্যখনৰ বিধানসভাত বিজেপিয়ে বিচাৰিছে আস্থা ভোট। এই সন্দৰ্ভত কাইলৈ উচ্চতম ন্যায়ালয়ত হ’ব শুনানি।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|