ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকৰ পিছত সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰেড গ্ৰাউণ্ডত এক জনসভাত ভাষণ দিব।
ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকৰ পিছত সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰেড গ্ৰাউণ্ডত এক জনসভাত ভাষণ দিব।
বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকৰ আজি দ্বিতীয় তথা অন্তিম দিন। হায়দৰাবাদত অনুষ্ঠিত হৈছে এই বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই বৈঠকত ভাষণ প্ৰদান কৰিব। আজিৰ বৈঠকত ৰাজনৈতিক প্ৰস্তাৱ গৃহীত হ’ব বুলি গেৰুৱা শিবিৰৰ সূত্ৰত প্ৰকাশ। ৰাজনৈতিক প্ৰস্তাৱ দাখিল কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সূত্ৰ অনুসৰি, দলৰ ৰাজনৈতিক প্ৰস্তাৱত দেশজুৰি পৰিয়ালতন্ত্ৰ নিৰ্ভৰ ৰাজনীতিৰ বিৰুদ্ধে অভিযান চলোৱাৰ কথা কোৱা হ’ব।
লগতে প্ৰস্তাৱত উল্লেখ থাকিব দেশৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতি আৰু বিৰোধীৰ ভূমিকাৰ কথা। অমিত শ্বাহে প্ৰস্তাৱ দাখিল কৰাৰ পিছত ৰাজনৈতিক প্ৰস্তাৱক লৈ আলোচনাৰ সূচনা কৰিব অসম আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে। উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যৰ উন্নয়নমূলক আঁচনিসমূহ উল্লেখ কৰিব।
ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকৰ পিছত সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰেড গ্ৰাউণ্ডত এক জনসভাত ভাষণ দিব। কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে সমগ্ৰ অঞ্চলটোত। মহাৰাষ্ট্ৰৰ পিছত এইবাৰ বিজেপিৰ চকু তেলেংগানাত নেকি? বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ এই বৈঠকত কি কি বিষয়ে আলোচনা হ’ব সেই বিষয়ত নজৰ ৰাখিছে দেশৰ ৰাজনৈতিক মহলে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|