• Home
  • »
  • News
  • »
  • nation
  • »
  • Assam Assembly Election- খন্তেক পিছতে বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠক, বৈঠকত চূড়ান্ত হ'ব প্ৰাৰ্থী তালিকা, ভাগ ল'ব প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে

Assam Assembly Election- খন্তেক পিছতে বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠক, বৈঠকত চূড়ান্ত হ'ব প্ৰাৰ্থী তালিকা, ভাগ ল'ব প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে

কোন কেইটা সমষ্টিত কৰিব প্ৰতিদ্বন্দিতা? কোনে পাব প্ৰাৰ্থীত্ব? এইলৈ এতিয়া ঘনে ঘনে বৈঠকত বহিছে বিজেপিৰ শীৰ্ষ নেতৃত্ব

কোন কেইটা সমষ্টিত কৰিব প্ৰতিদ্বন্দিতা? কোনে পাব প্ৰাৰ্থীত্ব? এইলৈ এতিয়া ঘনে ঘনে বৈঠকত বহিছে বিজেপিৰ শীৰ্ষ নেতৃত্ব

কোন কেইটা সমষ্টিত কৰিব প্ৰতিদ্বন্দিতা? কোনে পাব প্ৰাৰ্থীত্ব? এইলৈ এতিয়া ঘনে ঘনে বৈঠকত বহিছে বিজেপিৰ শীৰ্ষ নেতৃত্ব

  • Share this:
কোন কেইটা সমষ্টিত কৰিব প্ৰতিদ্বন্দিতা? কোনে পাব প্ৰাৰ্থীত্ব? এইলৈ এতিয়া ঘনে ঘনে বৈঠকত বহিছে বিজেপিৰ শীৰ্ষ নেতৃত্ব। বুধবাৰৰ পৰা দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোবাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সভাপতি ৰঞ্জিত দাসৰ লগতে বহু আগশাৰীৰ নেতাই। ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে কেন্দ্ৰীয় নেতৃত্বৰ সৈতে।

আজি সন্ধিয়া  ৭বজাৰ পৰা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা উপস্থিত থাকিব বৈঠকত । মুখ্যমন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম বিজেপিৰ আন নেতা উপস্থিত থাকিব এই বৈঠকত ।

আজিৰ  বৈঠকতে অসমৰ নিৰ্বাচন আসন বুজাবুজি তথা প্ৰাৰ্থীত্ব প্রদান সন্দৰ্ভত আলোচনা কৰা হ'ব। জেপি নাড্ডাৰে বৈঠকৰ পিছত ফণী শৰ্মাই আজিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠকত সকলো সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰিছে ।  আনহাতে দিলীপ শইকীয়াই অসমৰ প্রাৰ্থীৰ তালিকা কালিলৈহে চূড়ান্ত হোৱাৰ ইংগিত দিছে।

কিন্তু ৰঞ্জিত দাসে কোৱাৰ দৰে আজি অনুষ্ঠিত নহ’ল বিজেপি আৰু অগপৰ যুটীয়া সংবাদ মেল। অসম গণ পৰিষদৰ সঁজাতি দল আজিৰ নিশাটোও দিল্লীত কটোৱাৰ সম্ভাৱনা। জে পি নাড্ডাৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে ৰঞ্জিত দাসেও।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি