প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সহ কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলক ৰাষ্ট্ৰপতিয়ে শপতবাক্য পাঠ কৰোৱাৰ সময়তে দিল্লীৰ বিজেপি ৱেবছাইট হেক কৰিছে অজ্ঞাত দুষ্কৃতিকাৰীয়ে। বিজেপিৰ ৱেবছাইটৰ নাম সলনি কৰি বীফ অৰ্থাৎ গো–মাংস লিখি দিয়ে দুষ্কৃতিকাৰীয়ে।
ইয়াৰ লগতে ৱেবছাইটত কেইবাখনো গো–মাংসৰ ফটো আপলোড কৰে দুষ্কৃতিকাৰীয়ে। অৱশ্যে এই সন্দৰ্ভত বিজেপিৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।
উল্লেখযোগ্য যে ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে দিল্লীৰ সাতোখন আসনতে জয়লাভ কৰিছে। ২০১৪চনতো বিজেপিৰ দখলতে আছিল আটাইকেইখন আসন।
Published by: Tulika Devi
FIRST PUBLISHED : May 30, 2019, 20:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।