ৰাজ্যসভা নিৰ্বাচনত (rajya sabha Elections) অসম, ত্ৰিপুৰা আৰু নাগালেণ্ডত এখনকৈ আসন লাভ কৰাৰ পিছত ইতিহাসত প্ৰথমবাৰৰ বাবে উচ্চ সদনত (BJP MP in Rajya Sabha) ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) সদস্যৰ সংখ্যা ১০০ ত উপনীত হয়।
শেহতীয়াকৈ ছয়খন ৰাজ্যৰ ৰাজ্যসভাৰ ১৩ খন আসনত ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনত, বিজেপিয়ে পঞ্জাৱত এখন আসন হেৰুৱাইছিল কিন্তু ওপৰোক্ত তিনিখন ৰাজ্য আৰু হিমাচল প্ৰদেশত, এখনকৈ আসন লাভ কৰিছিল (ৰাজ্যসভাত বিজেপিয়ে ১০০ খন আসন লাভ কৰিছে)। এই ৰাজ্যসমূহৰ পৰা অৱসৰপ্ৰাপ্ত ৰাজ্যসভাৰ সদস্যসকল বিৰোধী দলৰ আছিল। আম আদমী পাৰ্টিৰ সদস্যসকল পঞ্জাৱৰ পাঁচখন আসনতে নিৰ্বাচিত হৈছে।
যদিও ৰাজ্যসভাৰ ৱেবছাইটত নতুন সদস্যৰ পৰিসংখ্যা এতিয়াও আপডেট কৰা হোৱা নাই, যদি শেহতীয়া নিৰ্বাচনৰ তথ্য ইয়াত যোগ কৰা হয়, বিজেপি সদস্যৰ সংখ্যা ১০০ লৈ বৃদ্ধি হ'ব। বিজেপিৰ বৰ্তমান ৰাজ্যসভাত ৯৭ জন সদস্য আছে।
Published by: Kokil Sarma
FIRST PUBLISHED : April 01, 2022, 20:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।