মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচন জিকিবলৈ সক্ষম হ’ব বিজেপি, দাবী অমিত শ্বাহৰ

বিজেপিয়ে যি ১৬৪খন আসনত নিৰ্বাচন খেলিব, সেয়া চৰকাৰ গঠনৰ বাবে পৰ্যাপ্তনে বুলি সোধা প্ৰশ্নত শ্বাহে কয় যে হয়, আমি সিমানলৈ যাব পাৰো। এয়া অসম্ভৱ নহয়।

News18-Assam
Updated:October 17, 2019, 8:08 AM IST
মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচন জিকিবলৈ সক্ষম হ’ব বিজেপি, দাবী অমিত শ্বাহৰ
বিজেপিয়ে যি ১৬৪খন আসনত নিৰ্বাচন খেলিব, সেয়া চৰকাৰ গঠনৰ বাবে পৰ্যাপ্তনে বুলি সোধা প্ৰশ্নত শ্বাহে কয় যে হয়, আমি সিমানলৈ যাব পাৰো। এয়া অসম্ভৱ নহয়।
News18-Assam
Updated: October 17, 2019, 8:08 AM IST
মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ধুমুহাৰ সৃষ্টি কৰিব পাৰে বিজেপিয়ে। NEWS18 NETWORK গ্ৰুপৰ এডিটৰ–ইন–চীফ ৰাহুল যোশীৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অমিত শ্বাহে।

মহাৰাষ্ট্ৰত আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিয়ে কিদৰে আগবাঢ়িব বুলি সোধা প্ৰশ্নৰ উত্তৰত অমিত শ্বাহে কয় যে বিজেপি–শিৱসেনা মিত্ৰজোঁটে দুই–তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব। অমিত শ্বাহে কয় যে পূৰ্বৰ তুলনাত নিশ্চিতভাৱে বিজেপিৰ আসনৰ সংখ্যা বৃদ্ধি পাব। ২০১৪ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু শিৱসেনাই পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, বিজেপিয়ে ১২২খন আসন লাভ কৰিছিল, যিটো আধাতকৈ ২২খন কম। আৰু পিছত চৰকাৰ গঠনৰ বাবে শিৱসেনাৰ সৈতে মিত্ৰতা কৰিছিল।

বিজেপিয়ে যি ১৬৪খন আসনত নিৰ্বাচন খেলিব, সেয়া চৰকাৰ গঠনৰ বাবে পৰ্যাপ্তনে বুলি সোধা প্ৰশ্নত শ্বাহে কয় যে হয়, আমি সিমানলৈ যাব পাৰো। এয়া অসম্ভৱ নহয়।

অমিত শ্বাহে কয় যে মহাৰাষ্ট্ৰৰ জনতা তেওঁৰ দলৰ পিছফালে শিলৰ দৰে থিয় হৈ আছিল আৰু বিগত ৫ বছৰত বিজেপি–শিৱসেনা মিত্ৰজোঁট চৰকাৰৰ বিকাশমূলক কামে ভোটাৰক আকৌ এবাৰ আশ্বস্ত কৰিছে।

‘মহাৰাষ্ট্ৰত বিজেপিৰ যাত্ৰা সফল আৰু আকৰ্ষণীয়। ২০১৪ত অকলে যুঁজিছিলো আৰু সৰ্ববৃহৎ দল হিচাপে প্ৰতিষ্ঠিত হৈছিলো, পিছত শিৱসেনাৰ সৈতে চৰকাৰ গঠন কৰিলো... ইউ পি এৰ ১৫ বছৰীয়া শাসনকালত কৃষিৰ ক্ষেত্ৰত প্ৰথম স্থানত আছিল। বিনিয়োগ, উদ্যোগ সকলো অধঃগামী হৈছিল। আমাৰ ৫ বছৰত আমি এই সকলো ক্ষেত্ৰত ৰাজ্যখনক ১ নম্বৰ আৰু পঞ্চম স্থানলৈ ওভতাই আনিলে।’ – মন্তব্য অমিত শ্বাহৰ।

শ্বাহে কয় যে দেবেন্দ্ৰ ফাৰনবিছ আৰু নৰেন্দ্ৰ মোদী যুটীয়ে ৰাজ্যখনৰ বাবে ভাল কাম কৰিছে। ‘নৰেন্দ্ৰ–দেবেন্দ্ৰ’ ফৰ্মুলাক সাৰোগত কৰি বিজেপি কৰ্মীয়ে জনতাৰ সৈতে খোজ মিলাইছে আৰু যিটো প্ৰধানমন্ত্ৰী নিজৰ ভাষণত উল্লেখ কৰিছে।

‘পূৰ্বে চৰকাৰে ৫ বছৰত মহাৰাষ্ট্ৰক কেৱল ১.২২ লাখ কোটি দিছিল, প্ৰধানমন্ত্ৰী মোদীয়ে তাৰ তিনিগুণ অৰ্থাৎ ৪.৭৮ লাখ কোটি দিছে ৰাজ্যখনলৈ। সকলো বিকাশমূলক কামৰ আধাৰশিলা স্থাপন কৰিছো আৰু আগন্তুক ২০ বছৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা আছে।’ – মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি