প্ৰধানমন্ত্ৰীয়ে এটাও ডিটেনশ্বন কেম্প নাই বুলি ভাষণ প্ৰসংগত কোৱাৰ পিছত চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সষ্টি হৈছিল
অসম সম্পৰ্কে কিমান জানে ৰাহুল গান্ধীয়ে? প্ৰধানমন্ত্ৰীয়ে এটাও ডিটেনশ্বন কেম্প নাই বুলি ভাষণ প্ৰসংগত কোৱাৰ পিছত চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সষ্টি হৈছিল। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়েও টুইটাৰৰ জৰিয়তে এটা ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মিছলীয়া আখ্যা দিছিল। ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰাৰ পিছতে বিজেপিয়ে অসম চৰকাৰৰ শ্বেতপত্ৰ প্ৰকাশ কৰি ৰাহুল গান্ধীক দিলে প্ৰত্যুত্তৰ।
বিজেপি IT Cellৰ প্ৰমুখ অমিত মালবীয়ই অসম চৰকাৰে জাৰি কৰা ২০১১ৰ শ্বেতপত্ৰ দেখুৱাই কয় যে, অসমত তিনিটা ডিটেনশ্বন কেম্প নিৰ্মাণ কৰা হৈছে। ডিটেনশ্বন কেম্প কেইটালৈ গোৱালপাৰা, কোকৰাঝাৰ আৰু শিলচৰত বিদেশী বুলি চিনাক্ত হোৱা ৩৬২ গৰাকীক প্ৰেৰণ কৰা হৈছে।
বিজেপিৰ মুখপাত্ৰ কেইগৰাকীয়ে কয় যে, ‘অসমত গুৱাহাটী হাই কোৰ্টত ডিটেনশ্বন কেম্পৰ বিষয়তো চৰ্চা কৰা হয়।কোনো বিষয়তে ৰাহুল গান্ধীৰ কোনো জ্ঞান নাই। তেওঁৰ সমস্যা এটাই, এগৰাকী চাহ দোকানী প্ৰধানমন্ত্ৰী কেনেকৈ হ’ল! ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু ডিটেনশ্বন কেম্পৰৰ মাজত কোনো সম্পৰ্ক নাই। ৰাহুল গান্ধীয়ে যি ভিডিঅ’ শ্বেয়াৰ কৰিছে, সেই ভিডিঅ’ত দেখুওৱা ডিটেনশ্বন কেম্প তেওঁৰ চৰকাৰৰ দিনতে নিৰ্মাণ কৰা হৈছিল।’
এনেধৰণৰ কথা বতৰাৰ বাবেই দেশৰ জনসাধাৰণে ৰাহুল গান্ধীক প্ৰত্যাখ্যান কৰাৰ পিছতো তেওঁ ঘৃণনীয় ৰাজনীতিৰ আশ্ৰয় লৈছে। এনেদৰে কয় বিজেপিৰ মুখপাত্ৰ কেইজনে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|