এক গাৰ নোম শিয়ৰি উঠা ঘটনা। মিছা মাছৰ বাবেই প্ৰাণ যাওঁ যাওঁ হ’ল এজন লোকৰ। মিছা মাছ খাই নহয়, নাকত মিছা মাছ সোমোৱাৰ ফলত এই অৱস্থা হ’ল লোকজনৰ। কিন্তু কেনেকৈ নাকত সোমাল মিছা মাছ?
সত্য নাৰায়ণ নামৰ এজন কৃষকে কৃষি কৰ্ম কৰি আছিল। হঠাৎ এটা মিছা মাছ পানীৰ পৰা তেওঁৰ নাকত সোমাই পৰে। নাকৰ ভিতৰত মিছা মাছটো সোমোৱাত স্বাভাৱিকতে তেওঁৰ শ্বাস–প্ৰশ্বাসত কষ্ট হয়। লোকজনে মিছা মাছটো যিমানে বাহিৰলৈ উলিয়াই আনিবলৈ চেষ্টা কৰিলে সিমানেই মাছটো ভিতৰলৈ সোমাই গৈ থাকিল।
উপায়ন্তৰ হৈ পৰিল লোকজন। লগে লগে লোকজনক হাস্পতাললৈ নিয়া হয়। লোকজনৰ অৱস্থা দেখি আচৰিত হৈ পৰে চিকিৎসক। উশাহ–নিশাহত কষ্ট পাইছে লোকজনে। লগে লগে চিকিৎসকে গ্ৰহণ কৰিলে ব্যৱস্থা।
চিকিৎসকে এণ্ডোস্ক’পিৰ সয়াহত বহু চেষ্টাৰ অন্তত মিছা মাছটো বাহিৰ কৰিবলৈ সক্ষম হয়। চিকিৎসকে অতি কৌশলেৰে নাকৰ পৰা মিছা মাছটো বাহিৰ কৰে। তাৰ পিছতহে সত্য নাৰায়ণে স্বস্তিৰ নিশ্বাস এৰিলে। ঘটনাটো অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ গণপাভাৰমৰ।