প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনা চমক ‘নমো’ এপৰ, কিদৰে শুভেচ্ছা জনাব প্ৰধানমন্ত্ৰীক? জিলিকি উঠিব আপুনি!

News18 Assam | News18-Assam
Updated:September 17, 2020, 4:18 PM IST
প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনা চমক ‘নমো’ এপৰ, কিদৰে শুভেচ্ছা জনাব প্ৰধানমন্ত্ৰীক? জিলিকি উঠিব আপুনি!
এজন লোকে নিজৰ শুভেচ্ছাবাৰ্তা আপলোড কৰি দিব পাৰে। লগে লগে ডিচপ্লে হ’ব লোকজনৰ নাম আৰু শুভেচ্ছাবাৰ্তা

এজন লোকে নিজৰ শুভেচ্ছাবাৰ্তা আপলোড কৰি দিব পাৰে। লগে লগে ডিচপ্লে হ’ব লোকজনৰ নাম আৰু শুভেচ্ছাবাৰ্তা

  • News18 Assam
  • Last Updated: September 17, 2020, 4:18 PM IST
  • Share this:
ime PM Modi birthdayপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ৭০ সংখ্যক জন্মদিন। প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনৰ দিনা বিশেষ চমক দিছে নমো এপে। আজি নমো এপ ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰী মোদীৰ সমগ্ৰ জীৱন পৰিক্ৰমাৰ বিষয়ে জানিব পাৰিব। জানিব পাৰিব, মোদীৰ সফলতাৰ কাহিনী। আনকি প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছাও জনাব পাৰিব।



আজি মুকলি কৰা হৈছে এপটোৰ তিনিটা নতুন সেৱা। লগে লগে লাখ লাখ লোকে জন্মদিনৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীক। লগতে চাৰ্চ কৰিছে প্ৰধানমন্ত্ৰীৰ জীৱনপথৰ ভাৰ্চুৱেল ট্যুৰ। নতুন এপৰ এই বিশেষ ভাৰ্চুৱেল ট্যুৰ কেৱল আজিৰ দিনটোৰ বাবেই। আছে বহু এক্সক্লুছিভ ষ্টোৰী আৰু ভিডিঅ’।



লগতে আছে কুইজৰ ব্যৱস্থা। নমো এপৰ গ্ৰাহকে প্ৰধানমন্ত্ৰীৰ জীৱন সম্পৰ্কে থকা সাধাৰণ জ্ঞানো পৰীক্ষা কৰিব পাৰিব। আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল ভিডিঅ’ গ্ৰিটিংছ। ইয়াত নিজৰ শুভেচ্ছামূলক বাৰ্তা আপলোড কৰিব পাৰিব। এনে কৰিলে এপটোত গ্ৰাহকৰ নাম আৰু শুভেচ্ছাবাৰ্তা ডিচপ্লে হ’ব।





আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। জন্মদিনৰ দিনা প্ৰতিবছৰৰ দৰে এইবাৰো নৰেন্দ্ৰ মোদীক বিভিন্নজনে শুভেচ্ছা জনাইছে। প্ৰথমে প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনাই চুবুৰীয়া দেশ নেপালৰ প্ৰধানমন্ত্ৰী কে পি ওলিয়ে। তেওঁ লিখে যে, ‘সম্পৰ্কৰ বুনিয়াদ শক্তিশালী কৰিবলৈ দুয়োখন দেশৰ মাজত কথাবাৰ্তা চলিব।’ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনা ভাৰতীয় জনতা পাৰ্টীয়েও বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। ১৪ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈকে সেৱা সপ্তাহ হিচাপে পালন কৰা হৈছে।
Published by: Himangshu Bhuyan
First published: September 17, 2020, 2:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading