কেন্দ্ৰীয় চৰকাৰে নাগৰিকৰ জীৱনৰ প্ৰতিটো পদক্ষেপত জন্মৰ প্ৰমাণ-পত্ৰ বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । শিক্ষানুষ্ঠানত নামভৰ্তি, চাকৰি, ভোটাৰ পৰিচয় পত্ৰ, Driving License সকলোতে এতিয়া জমা দিব লাগিব জন্মৰ প্ৰমাণ-পত্ৰ । এই ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ চৰকাৰে জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন আইন ১৯৬৯ৰ সংশোধন ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশনত সংশোধনী বিধেয়কখন গৃহীত কৰাৰ সম্ভাৱনা আছে ।
এই নতুন নিয়ম অনুযায়ী চিকিৎসালয়সমূহক পঞ্জীয়ন কাৰ্যালয়লৈ মৃত্যুৰ প্ৰমাণ-পত্ৰ প্ৰেৰণ কৰাটো বাধ্যতামূলক কৰা হ’ব। মৃত্যুৰ প্ৰমাণ-পত্ৰত মৃত্যুৰ কাৰণ দৰ্শাব লাগিব আৰু ইয়াৰ প্ৰতিলিপি মৃত ব্যক্তিৰ আত্মীয়ক দিব লাগিব। এই প্ৰক্ৰিয়াৰে কেন্দ্ৰীয়ভাৱে সংগৃহীত তথ্যভঁৰালত স্বয়ংক্ৰিয় ৰূপত জন্ম-মৃত্যুৰ তথ্য জমা হ’ব । এই তথ্য ভঁৰাল ভোটাৰ তালিকাৰে সংযুক্ত হৈ থাকিব । গতিকে কাৰোবাৰ ১৮ বছৰ হোৱা মাত্ৰকে তেওঁৰ নাম স্বয়ংক্ৰিয় ভাৱে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ’ব ।
অৱশ্যে বর্তমানৰ আইনৰ অধীনতো জন্ম-মৃত্যুৰ পঞ্জীয়ন বাধ্যতামূলক। আৰু পঞ্জীয়ন নকৰিলে শাস্তি বিহাৰ বিধানো আছে।
উল্লেখযোগ্য যে নতুন সংশোধন যদি গৃহীত হয় তেতিয়া জন্ম প্ৰমাণ-পত্ৰ জন্মৰ তাৰিখ আৰু স্থান সুনিশ্চিত কৰিবলৈ ব্যৱহাৰ হ’ব। এই জন্মৰ প্ৰমাণ-পত্ৰ শিক্ষানুষ্ঠানত নামভৰ্তি, Driving License প্ৰদান, ভোটাৰ তালিকা প্ৰস্তুত, বিবাহ পঞ্জীয়ন, কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ নিযুক্তি, পাছপোর্ট প্ৰদান সকলোতে প্রয়োজন হ’ব । এই সকলো তথ্য পৰিচালনা কৰিব ভাৰতৰ মহাপঞ্জীয়কে । গতিকে এই তথ্য ভাণ্ডাৰ ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী উন্নীতকৰণতো ব্যৱহাৰ হ'ব । ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী (National Population Registrar) পোনপ্ৰথম বাৰ ২০১০ চনত প্ৰস্তুত কৰা হৈছিল আৰু ২০১৫ চনত ঘৰে ঘৰে তথ্য সংগ্ৰহ কৰি উন্নীতকৰণ কৰা হৈছিল ।
উল্লেখযোগ্য যে এই পঞ্জীত ১১৯ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে নাগৰিকত্ব নিয়ম ২০০৩ৰ অধীনত কাৰ্যকৰী কৰা হৈছে । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) প্রস্তুতৰ ইয়াক বুনিয়াদ বুলি গণ্য কৰে একাংশই ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|