বায়ুসেনাৰ বিমানত চৰাইৰ খুন্দা! তাৰ পিছত কি হ’ল চাওক

ভাৰতীয় বায়ু সেনাৰ জেট বিমানৰ ইন্ধন আৰু অনুশীলনৰ বাবে ৰখা বোমা পেলালে আম্বালাৰ আবাসিক এলেকাত

News18-Assam
Updated:June 28, 2019, 12:40 PM IST
বায়ুসেনাৰ বিমানত চৰাইৰ খুন্দা! তাৰ পিছত কি হ’ল চাওক
ভাৰতীয় বায়ু সেনাৰ জেট বিমানৰ ইন্ধন আৰু অনুশীলনৰ বাবে ৰখা বোমা পেলালে আম্বালাৰ আবাসিক এলেকাত
News18-Assam
Updated: June 28, 2019, 12:40 PM IST
এটা চৰাইয়ে ভাৰতৰ বায়ুসেনাৰ বিমানত খুন্দা মৰাৰ ফলত সৃষ্টি হয় এক অনাকাংক্ষিত পৰিস্থিতি। চৰাইৰ খুন্দা মৰাৰ ফলত বায়ু সেনাৰ এখন জেট বিমানৰ ইন্ধন আৰু অনুশীলনৰ বাবে ৰখা বোমা পেলাব লগীয়া হয় আম্বালাৰ এক আৱাসিক এলেকাত। আকাশমাৰ্গত থকা সময়ত বিমানত এনে ধৰণৰ তৎকালীন পৰিস্থিতিৰ সৃষ্টি হ’লে প্ৰায়ে বিমান খনত সংযোগ হৈ থকা সামগ্ৰী সমূহ তলত পেলাই দিবলগীয়া হয়।

ভাৰতীয় বায়ু সেনাৰ সূত্ৰ অনুসৰি, বিমানখনৰ এটা ইঞ্জিনত  চৰাইয়ে খুন্দা মাৰিছিল যদিও বিমানখন সৌভাগ্য ক্ৰমে অৱতৰণ কৰিব পাৰে। অৱশ্যে এই ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। কিন্তু বিমানৰ ইন্ধন আৰু অনুশীলনৰ বাবে ৰখা বোমাৰ কিছু অংশ আম্বালাৰ এটা বাসগৃহৰ ওপৰত পৰে। ঘটনাৰ পিছত অঞ্চলটোলৈ তত্‍কালীনভাবে এম্বুলেন্স আৰু অগ্নিনিৰ্বাপক বাহিনী  ৰাওনা কৰা হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি