মুখ্যপৃষ্ঠা »খবৰ »দেশ »এইবাৰ বিয়পিছে বাৰ্ড ফ্লু! শ শ মূৰ্গীৰ মৃত্যুক লৈ চৌদিশে শংকাৰ পৰিৱেশ

এইবাৰ বিয়পিছে বাৰ্ড ফ্লু! শ শ মূৰ্গীৰ মৃত্যুক লৈ চৌদিশে শংকাৰ পৰিৱেশ

শেহতীয়াকৈ হাৰিয়ানাত বাৰ্ড ফ্লু বিয়পি পৰাৰ বাতৰিক লৈ আতংক।

শেহতীয়াকৈ হাৰিয়ানাত বাৰ্ড ফ্লু বিয়পি পৰাৰ বাতৰিক লৈ আতংক।

শেহতীয়াকৈ হাৰিয়ানাত বাৰ্ড ফ্লু বিয়পি পৰাৰ বাতৰিক লৈ আতংক।

  • Share this:
কোৰোণা মহামাৰীৰ পৰা দেশ ভালকৈ উঠিবই পৰা নাই এইবাৰ আকৌ এটা নতুন বিপদ ৰাইজৰ সন্মুখত। চৰকাৰ আৰু মানুহক আতংকিত কৰা এইটো বিপদ হৈছ বাৰ্ড ফ্লুৰ! শেহকীয়াকৈ হাৰিয়ানাৰ পঞ্চকুলাৰ বৰৱালা (Barwala) এলেকাত ৰহস্যময় ধৰণে মূৰ্গীৰ মৃত্যুৰ সংখ্যা ইমানেই বাঢ়িছে যে ইয়াৰ দ্বাৰা মানুহৰ চিন্তা বাঢ়িবলৈ লৈছে।

অৱশ্যে পঞ্চকুলাৰ পশুপালন বিভাগে এই মৰা মূৰ্গীৰ চেম্পল একত্ৰিত কৰি জলন্ধৰ আৰু ভূপালৰ লেবলৈ প্ৰেৰণ কৰিছে। এই চেম্পলসমূহৰ টেষ্ট ৰিপ’ৰ্ট অহাৰ পিছতহে এই কথাৰ পুষ্টি কৰিব পৰা যাব যে মূৰ্গীৰ মৃত্যুৰ আঁৰত বাৰ্ড ফ্লুৰ দৰে ঘাতক ভাইৰাছ আছে নে আন কিবা কাৰণ?

কণীৰ বজাৰত বাৰ্ড ফ্লুৰ উৰাবাতৰিৰ প্ৰভাৱ
অৱশ্যে এই উৰাবাতৰিৰ ধাৰা অব্যাহত আৰু ইয়াৰ প্ৰভাৱ কণীৰ ডিমাণ্ড আৰু মূল্যতো পৰিছে। মানুহে কণী কমকৈ ক্ৰয় কৰাৰ কাৰমে দামো হ্ৰাস পাবলৈ লৈছে।

সম্পূৰ্ণ হাৰিয়ানাত বাৰ্ড ফ্লুৰ উৰাবাতৰি বিয়পি পৰিছে আৰু ইয়াৰ প্ৰভাৱত ইতিমধ্যেই লকডাউনৰ কাৰণে মৃতপ্ৰায় হৈ পৰা মূৰ্গীপালন উদ্যোগৰ সৈতে জৰিত ৰাইজে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। যমুনানগৰৰ কৃষকসকলৰ মতে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লৈ সকলো সাৱধানতা অৱলম্বন কৰি কাম আগবঢ়াইছে। আগতকৈ চেনিটাইজিং আৰু স্প্ৰে আদি কৰাও বঢ়াই দিয়া হৈছে। অৱশ্যে মূৰ্গীপালন উদ্যোগৰ সৈতে জৰিত মানুহৰ মতে ঠাণ্ডাৰ কাৰণেও মূৰ্গীবোৰ মৰিব পাৰে। আচল কাৰণ অৱশ্যে টেষ্টৰ ৰিপ’ৰ্ট অহাৰ পিছতহে গম পোৱা যাব।পালকসকলৰ মতে উৰাবাতৰিয়ে ব্যৱসায়ত বেয়াকৈ প্ৰভাৱ পেলাইছে।

শেহতীয়া বাতৰি