মুখ্যপৃষ্ঠা »খবৰ »দেশ »বিপিন ৰাৱট আৰু নাই, হেলিকপ্টাৰ দুৰ্ঘটনাত দেশৰ প্ৰতিৰক্ষা মুৰব্বীৰ মৃত্যু

বিপিন ৰাৱট আৰু নাই, হেলিকপ্টাৰ দুৰ্ঘটনাত দেশৰ প্ৰতিৰক্ষা মুৰব্বীৰ মৃত্যু

জেনেৰেল বিপিন ৰাৱট

জেনেৰেল বিপিন ৰাৱট

চিডিএছ ৰাৱাটে ৱেলিংটনৰ ডিফেন্স ষ্টাফ কলেজলৈ গৈ কলেজত দুপৰীয়া ২:৪৫ বজাত বক্তৃতা দিছিল।

  • Share this:

সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত গুৰুতৰভাবে আহত দেশৰ চীফ ডিফেন্স ষ্টাফ (Chief of Defence Staff) বিপিন ৰাৱট আৰু নাই। সেনাৰ এমআই চিৰিজৰ হেলিকপ্টাৰখন (Mi-17V5 helicopter)ত বিপিন ৰাৱটৰ লগতে তেওঁৰ পত্নী মধুলিকা ৰাৱটো আছিল। দুৰ্ঘটনাত তেওঁৰ পত্নীৰো মৃত্যু হয়। দুৰ্ঘটনাৰ পিছতে  ৮ কিলোমিটাৰ দূৰত থকা এখন চিকিৎসালয়লৈ  লৈ যোৱা হৈছিল যদিও  ৰাৱাটক বচোৱা সম্ভব হৈ নুঠিল। এই ঘটনাই দেশত শোকৰ ছাঁ পেলাইছে।


সূত্ৰ অনুসৰি, কুঁৱলীৰ বাবে  এই  দুৰ্ঘটনাটো সংঘটিত হৈছিল বুলি ধাৰণা কৰা হৈছে।  সামৰিক হেলিকপ্টাৰখনত যাত্ৰা কৰা ১৪ জনৰ ভিতৰত ১৩ জনৰে মৃত্যু নিশ্চিত কৰা হৈছে। শৰীৰ এনে পৰ্যায়লৈ জ্বলি গৈছে যে বাকীসকলক চিনাক্ত কৰিবলৈ  ডিএনএ পৰীক্ষা কৰা হ'ব। দুৰ্ঘটনাক লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটযোগে ৰাৱাটৰ মৃত্যুত দুখ প্ৰকাশ কৰে।

 Deeply anguished by the sudden demise of Chief of Defence Staff Gen Bipin Rawat, his wife and 11 other Armed Forces personnel in an extremely unfortunate helicopter accident today in Tamil Nadu.





চিডিএছ ৰাৱাটে (Bipin Rawat) ৱেলিংটনৰ ডিফেন্স ষ্টাফ কলেজলৈ গৈ কলেজত দুপৰীয়া ২:৪৫ বজাত বক্তৃতা দিছিল। কুন্নুৰৰ পৰা ৱেলিংটনলৈ দূৰত্ব মাত্ৰ তিনি কিলোমিটাৰ আছিল আৰু অৱতৰণৰ আগতে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়।

শেহতীয়া বাতৰি