তামিলনাডুত সংঘটিত হেলিকপ্টাৰ দুর্ঘটনাত চীফ অফ ডিফেন্স ষ্টাফ (চিডিএছ) বিপিন ৰাৱাট (
)কে ধৰি তেওঁৰ পত্নী মধুলিকা ৰাৱটৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাটোত ১৪গৰাকী লোকৰ ১৩গৰাকীয়ে নিহত হয়। কিন্তু ৰাৱটে জীৱনত এনে ঘটনাৰ পূৰ্বেও মুখামুখি হৈছিল। কিন্তু ভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰিছিল তেওঁৰ। এই ঘটনা সংঘটিত হৈছিল ২০১৫ চনত (2015 Helicopter Crash)। বিপিন ৰাৱাট তেতিয়া লেফটেনেণ্ট জেনেৰেল (Lt Gen.) পদত আছিল।
উত্তৰ-পূবৰ ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰ (Nagaland’s Dimapur) জিলাত বিপিন ৰাৱাটকে ধৰি তিনিজন বিষয়াই উঠা হেলিকপ্টাৰ উৰণৰ কেইছেকেণ্ডমান পিছতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল। তেতিয়া হেলিকপ্টাৰখন মাত্ৰ ২০ ফুট উচ্চতাত আছিল। সেনাই জনাইছিল যে হেলিকপ্টাৰত থকা বিষয়াসকল সামান্য আঘাতপ্ৰাপ্ত হৈছিল। ইঞ্জিন বিকল হোৱাৰ বাবে হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হৈছিল।
তামিলনাডুত দুৰ্ঘটনাগ্ৰস্ত হোৱা MI17 ছিৰিজৰ ৰাছিয়ান হেলিকপ্টাৰখন পৰিবহণ হেলিকপ্টাৰ হিচাপে ব্যৱহাৰ কৰা হয়। ভাৰতত এই ছিৰিজৰ হেলিকপ্টাৰ প্ৰায় ১৫০খন আছে। মাত্ৰ কেইসপ্তাহমান আগতে অৰুণাচলতো MI17 ছিৰিজৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল, কিন্তু যাত্ৰীসকল কথমপি বাচিছিল।
Published by: Gautam Barman
FIRST PUBLISHED : December 08, 2021, 19:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।