মুখ্যপৃষ্ঠা »খবৰ »দেশ »মানৱ সেৱাই পৰম ধৰ্ম ! ৭৫ বছৰীয়া কৃষ্ণা আম্মাই ৩৫ বছৰে কফন দি আহিছে পৰিচয়হীন মৃতদেহত...

মানৱ সেৱাই পৰম ধৰ্ম ! ৭৫ বছৰীয়া কৃষ্ণা আম্মাই ৩৫ বছৰে কফন দি আহিছে পৰিচয়হীন মৃতদেহত...

শীতলা মাতা মন্দিৰৰ এগৰাকী ৭৫ বছৰীয়া মহিলা পুৰোহিত কৃষ্ণা আম্মাই যোৱা ৩৫ বছৰ ধৰি পৰিচয়হীন মৃতদেহক যোগান ধৰি আহিছে কফন বা মৃতদেহ ঢাকিবলৈ ব্যৱহাৰ কৰা কাপোৰ।

শীতলা মাতা মন্দিৰৰ এগৰাকী ৭৫ বছৰীয়া মহিলা পুৰোহিত কৃষ্ণা আম্মাই যোৱা ৩৫ বছৰ ধৰি পৰিচয়হীন মৃতদেহক যোগান ধৰি আহিছে কফন বা মৃতদেহ ঢাকিবলৈ ব্যৱহাৰ কৰা কাপোৰ।

শীতলা মাতা মন্দিৰৰ এগৰাকী ৭৫ বছৰীয়া মহিলা পুৰোহিত কৃষ্ণা আম্মাই যোৱা ৩৫ বছৰ ধৰি পৰিচয়হীন মৃতদেহক যোগান ধৰি আহিছে কফন বা মৃতদেহ ঢাকিবলৈ ব্যৱহাৰ কৰা কাপোৰ।

  • Share this:
যান্ত্ৰিকতাৰ পৃথিৱীত মানুহৰ মাজৰ সম্পৰ্ক অথবা সম্বন্ধবোৰ হৈ পৰিছে কৃত্ৰিম। মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয়ে এখন সমাজত পেলাইছে নেতিবাচক প্ৰভাৱ। কিন্তু এনে এক জটিল সময়তে ইতিবাচক বাৰ্তাৰে মানৱতাৰ এক উদাহৰণ হৈ পৰিছে ছত্তীশগড়ৰ (Chhattisgarh) বিলাসপুৰৰ (Bilaspur) চিমছস্থিত মন্দিৰৰ পুৰোহিত কৃষ্ণা আম্মা।

যেতিয়াই কোনো পৰিচয়হীন মৃতদেহ চিমছৰ শৱগৃহলৈ লৈ অনা হয়, তেতিয়া ইয়াৰ কফনৰ বিষয়ে আৰু কোনো চিন্তা নহয়, কিয়নো কৃষ্ণা আম্মা আছে নহয়। হয় কৃষ্ণা আম্মাক কেৱল মানৱতাৰ উদাহৰণ বুলিয়েই কোৱা নহয়। শীতলা মাতা মন্দিৰৰ এগৰাকী ৭৫ বছৰীয়া মহিলা পুৰোহিত কৃষ্ণা আম্মাই যোৱা ৩৫ বছৰ ধৰি পৰিচয়হীন মৃতদেহক যোগান ধৰি আহিছে কফন বা মৃতদেহ ঢাকিবলৈ ব্যৱহাৰ কৰা কাপোৰ। মহিলা মৃতদেহবোৰক আম্মাই শাৰী দিয়ে, তাৰ পিছত আৰক্ষীয়ে পৰিচয়হীন মৃতদেহটো শ্মশানলৈ লৈ যায় আৰু সৎকাৰ কৰে।

৭৫ বছৰীয়া শীতলা মাতা মন্দিৰৰ পুৰোহিত কৃষ্ণা আম্মাক সকলোৱে মৰমতে মাই বুলি মাতে। মন্দিৰটো বিলাসপুৰ চিমছ চিকিৎসালয়স্থিত মচৌৰীৰ ওচৰত আছে। ৩৫ বছৰ আগতে মাংগিলাল এই মন্দিৰৰ পুৰোহিত আছিল। মন্দিৰৰ ভিতৰত এটা সৰু ঘৰ আছে য'ত পুৰোহিত মাংগিলাল আৰু তেওঁৰ পত্নী কৃষ্ণা বাস কৰিছিল। সেই সময়তে এটা ঘটনাত ৰেলৰ পৰা কটা অৱস্থাত উদ্ধাৰ হোৱা এটা মৃতদেহ সন্দৰ্ভত আৰক্ষী মচৌৰীলৈ আহিছিল৷ মৰণোত্তৰ পৰীক্ষাৰ পিছত আৰক্ষীৰ ওচৰত মৃতদেহ ঢাকিবৰ বাবে কফন নাছিল৷ আৰক্ষীয়ে মচৌৰীৰ ঠিক কাষতে থকা শীতলা মাতা মন্দিৰৰ পুৰোহিত মাংগিলালক পৰিচয়হীন মৃতদেহটোৰ বাবে কাপোৰ বিচাৰিলে আৰু পৰিচয়হীন মৃতদেহটোৰ বিষয়ে বিতংকৈ ক'লে। পুৰোহিতজনে ঘৰৰ পৰা কাপোৰ উলিয়াই পৰিচয়হীন মৃতদেহটোৰ ওপৰত কফন ৰাখিছিল। সেইদিনাৰ পৰাই পুৰোহিত আৰু তেওঁৰ পত্নী কৃষ্ণাই এই কামক তেওঁলোকৰ ধৰ্ম আৰু কৰ্ম হিচাপে গ্ৰহণ কৰিছিল। পুৰোহিত মাংগিলালৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী কৃষ্ণাই অকলেই এই কামটো কৰিবলৈ উদ্যোগ লৈছিল আৰু বৰ্তমানলৈকে এই কাম অব্যাহত ৰাখিছে।

মাৰ চৰণতেই চলি আছে আম্মাৰ জীৱন -

কৃষ্ণা আম্মাৰ জীৱন তেওঁৰ সৰু ঘৰটো আৰু মা শীতলাৰ চৰণতেই চলি আছে। মন্দিৰত মা শীতলাক পূজা কৰাৰ পিছত, আম্মাৰ বৃদ্ধা চকুৱে কেৱল ধৰ্ম-কৰ্মৰ বাবে অপেক্ষা কৰে। আম্মাই কেৱল পৰিচয়হীন মৃতদেহবোৰেই আৱৰি নাৰাখে, লগতে গো মাতাৰ সেৱাৰ লগতে প্ৰতিপালন, দৰিদ্ৰসকলক এমুঠি অন্নৰ যোগান ধৰা আৰু অন্যান্য মানৱ সেৱাৰ সৈতে জড়িত। আম্মাৰ মতে তেওঁৰ এইটো হিচাপো নাই যে বৰ্তমানলৈকে কিমান মৃতদেহত কফন দিছে। আম্মাই প্ৰয়োজন হ'লে চুবুৰীয়া লোকসকলকো সহায় কৰে। তেওঁ কয় যে যিদৰে আমি এজন জীৱিত ব্যক্তিক সন্মান কৰো, তেনেদৰে মৃত শৰীৰ এটাকো সন্মান কৰা উচিত। চিমছ হোষ্টেলত বাস কৰা ষ্টাফ নাৰ্চে মন্দিৰত প্ৰতিদিনে মূৰ দোৱাই আৰু আম্মাৰ আশীৰ্বাদ লয়। চিভিল লাইন আৰক্ষী থানাৰ টিআই সুৰেন্দ্ৰ স্বৰ্ণকাৰেও আম্মাৰ এই কামক মানৱতাৰ উদাহৰণ হিচাপে উল্লেখ কৰিছে।

শেহতীয়া বাতৰি