মুখ্যপৃষ্ঠা »খবৰ »দেশ »আগন্তুক ২ ছেপ্টেম্বৰত ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত হ’ব ভাৰতত নিৰ্মিত প্ৰথমখন বিমান বাহক ‘বিক্ৰান্ত’

আগন্তুক ২ ছেপ্টেম্বৰত ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত হ’ব ভাৰতত নিৰ্মিত প্ৰথমখন বিমান বাহক ‘বিক্ৰান্ত’

বিমান বাহক বিক্ৰান্তৰ 'উৰণ ডেক' দুখন ফুটবল খেলপথাৰৰ সমান। যদি কোনোবাই বিক্ৰান্তৰ বাৰাণ্ডাৰ মাজেৰে খোজ কাঢ়ে, তেন্তে তেওঁ আঠ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগিব।

বিমান বাহক বিক্ৰান্তৰ 'উৰণ ডেক' দুখন ফুটবল খেলপথাৰৰ সমান। যদি কোনোবাই বিক্ৰান্তৰ বাৰাণ্ডাৰ মাজেৰে খোজ কাঢ়ে, তেন্তে তেওঁ আঠ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগিব।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত নিৰ্মিত প্ৰথম বিমান বাহক বিক্ৰান্তক আগন্তুক ২ ছেপ্টেম্বৰত তাৰিখে নৌসেনাত অন্তৰ্ভুক্ত কৰিব। চৰকাৰী সূত্ৰৰ পৰা প্ৰকাশিত এক তথ্য অনুসৰি এই কথা গম পোৱা গৈছে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ অন্তৰ্গত ২০,০০০ কোটি টকাতকৈ অধিক মূল্যৰে নিৰ্মিত এই বিমান বাহকখন ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰিব। সাগৰীয় পৰীক্ষণৰ চতুৰ্থ আৰু অন্তিম পৰ্যায় সফলতাপূৰ্বকভাৱে পূৰ্ণ কৰাৰ পাছত ভাৰতীয় নৌসেনাই ২৮ জুলাইত চিএছএলৰ পৰা এই বিমান বাহকখন অধিগ্ৰহণ কৰিছিল।

এক সূত্ৰ অনুসৰি, বিমান বাহক বিক্ৰান্তক নৌসেনাত অন্তৰ্ভুক্ত কৰাৰ অনুষ্ঠানটো ২ ছেপ্টেম্বৰত চিএছএলৰ জেটিত অনুষ্ঠিত হ'ব। ভাৰতৰ প্ৰথমখন বিমান বাহক আইএনএছ বিক্ৰান্তৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, প্ৰতিৰক্ষা, জাহাজ পৰিবহন মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকলে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে বুলি জানিব পৰা গৈছে। উক্ত অনুষ্ঠানটোত ১৫০০–২০০০ লোক উপস্থিত থকাৰ সম্ভাৱনা আছে আৰুই আইএচি হিন্দ মহাসাগৰ ক্ষেত্ৰ (আইঅআৰ)ত ভাৰতৰ স্থিতি শক্তিশালী কৰিব।

জানিব পৰা মতে, বিমান বাহকৰ বাবে যুঁজাৰু বিমান অনা হৈছে আৰু ই মিগ–২৯ৰ যুদ্ধ বিমান , কামোব–৩১ হেলিকপ্টাৰ আৰু এমএছ–৬০আৰ আদি বহু উদ্দেশীয় হেলিকপ্টাৰৰ সঞ্চালন কৰাৰ বাবে ইতিমধ্যে সাজু হৈছে। মন কৰিবলগীয়া যে, 'বিক্ৰান্ত'ৰ নিৰ্মাণৰ সৈতে, ভাৰতে দেশসমূহৰ এটা নিৰ্বাচিত গোটত অন্তৰ্ভুক্ত হৈছে যাৰ থলুৱা বিমান বাহকৰ ডিজাইন আৰু নিৰ্মাণৰ ক্ষমতা আছে। ভাৰতীয় নৌসেনাৰ এটা শাখা নেভেল ডিজাইন ডাইৰেক্টৰেট (ডিএনডি)ৰ দ্বাৰা ডিজাইন কৰা এই বিমান বাহকখন ৰাজহুৱা খণ্ডৰ কোম্পানী চিএছএল-এ নিৰ্মাণ কৰিছিল।

উল্লেখযোগ্য যে, বিক্ৰান্তৰ অধিকতম গতি প্ৰায় ২৮ সাগৰীয় মাইল আৰু ইয়াৰ দৈঘ্যতা ২৬২ মিটাৰ হোৱাৰ লগতে ই ৬২ মিটাৰ বহল আৰু ইয়াৰ উচ্চতা ৫৯ মিটাৰ। বিক্ৰান্তৰ নিৰ্মাণকাৰ্য ২০০৯ চনতে আৰম্ভ হৈছিল বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি, এই বিমান বাহকখনত ২,৩০০ ৰো অধিক ডবা আছে, যাক প্ৰায় ১৭০০ জন লোকৰ দলৰ বাবে ডিজাইন কৰা হৈছে। ইয়াত মহিলা বিষয়াসকলক স্থান দিয়াৰ বাবে বিশেষ কেবিনো অন্তৰ্ভুক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে।

বিশেষ যে, বিমান বাহক বিক্ৰান্তৰ 'উৰণ ডেক' দুখন ফুটবল খেলপথাৰৰ সমান। যদি কোনোবাই বিক্ৰান্তৰ বাৰাণ্ডাৰ মাজেৰে খোজ কাঢ়ে, তেন্তে তেওঁ আঠ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগিব।

শেহতীয়া বাতৰি