৩০৩ আসনত জয়ী বিজেপি, কথা ৰাখিবলৈ গুজৰাটৰ পৰা দিল্লীলৈ ১১০০ কিলোমিটাৰ চাইকেল যাত্ৰা, টুইটাৰত মোদীৰ শুভেচ্ছা

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ৩০০ আসন লাভ কৰিলে ১১০০ কিলোমিটাৰ চাইকেল চলাই গুজৰাটৰ আমৰেলিৰ পৰা দিল্লীলৈ যাত্ৰা কৰিব বুলি কৈছিল ভিখুভাই নামৰ বিজেপিৰ সমৰ্থকজনে।

news18assam
Updated:July 3, 2019, 3:39 PM IST
৩০৩ আসনত জয়ী বিজেপি, কথা ৰাখিবলৈ গুজৰাটৰ পৰা দিল্লীলৈ ১১০০ কিলোমিটাৰ চাইকেল যাত্ৰা, টুইটাৰত মোদীৰ শুভেচ্ছা
লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ৩০০ আসন লাভ কৰিলে ১১০০ কিলোমিটাৰ চাইকেল চলাই গুজৰাটৰ আমৰেলিৰ পৰা দিল্লীলৈ যাত্ৰা কৰিব বুলি কৈছিল ভিখুভাই নামৰ বিজেপিৰ সমৰ্থকজনে।
news18assam
Updated: July 3, 2019, 3:39 PM IST
বিগত লোকসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠাৰে দ্বিতীয়বাৰৰ বাবে বিজেপিয়ে গঠন কৰিলে চৰকাৰ। দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ল নৰেন্দ্ৰ মোদী। বিৰোধীক কেইবাযোজন দূৰত ৰাখি বিজেপিয়ে ৰচিলে ইতিহাস। ভিখুভাইৰ প্ৰাৰ্থনাৰ দৰেই হ’ল সকলো। এতিয়া ভিখুভাইয়ে পালন কৰিছে নিজৰ প্ৰতিশ্ৰুতি।

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ৩০০ আসন লাভ কৰিলে ১১০০ কিলোমিটাৰ চাইকেল চলাই গুজৰাটৰ আমৰেলিৰ পৰা দিল্লীলৈ যাত্ৰা কৰিব বুলি কৈছিল ভিখুভাই নামৰ বিজেপিৰ সমৰ্থকজনে। লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে অকলেই লাভ কৰিলে ৩০৩ খন আসন আৰু গুজৰাটৰ ২৬খন আসনেই পালে বিজেপিয়ে। গেৰুৱা শিবিৰৰ বিপুল বিজয়ৰ এমাহ পাৰ হোৱাৰ পূৰ্বেই প্ৰতিশ্ৰুতি ৰাখি চাইকেল চলাই আমৰেলিৰ পৰা দিল্লীত উপস্থিত হয় ভিখুভাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাতো কৰে ভিখুভাইয়ে।



ভিখুভাইৰ আবেগ আৰু মৰমে অভিভূত কৰিলে মোদীক। টুইটাৰত ভিখুভাইক প্ৰশংসা কৰিলে স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীয়ে উল্লেখ কৰে যে ভিখুভাইৰ এই যাত্ৰাৰ পৰা উদ্বুদ্ধ হ’ব বিজেপি সমৰ্থক আৰু অনুৰাগীসকল।

আৰু চাওক পৰৱৰ্তী বাতৰি