সম্পত্তি জব্দ কৰিবলৈ ৪ দিন ধৰি একো খাবলৈ নিদিলে ভগ্নীক, পানী খুজিলে খাবলৈ দিয়ে প্ৰস্ৰাৱ!

ভাতৃয়ে পত্নীৰ সহযোগত অভিযোগ অনুসৰি সম্পত্তি জব্দ কৰিবলৈ ভগ্নীক ৪ দিনলৈ একো খাবলৈ নিদিলে, হাত–ভৰি বান্ধি বন্দী কৰি ৰাখিলে ঘৰত।

Dulu Medhi | news18assam
Updated:May 12, 2019, 4:41 PM IST
সম্পত্তি জব্দ কৰিবলৈ ৪ দিন ধৰি একো খাবলৈ নিদিলে ভগ্নীক, পানী খুজিলে খাবলৈ দিয়ে প্ৰস্ৰাৱ!
ভাতৃয়ে পত্নীৰ সহযোগত অভিযোগ অনুসৰি সম্পত্তি জব্দ কৰিবলৈ ভগ্নীক ৪ দিনলৈ একো খাবলৈ নিদিলে, হাত–ভৰি বান্ধি বন্দী কৰি ৰাখিলে ঘৰত।
Dulu Medhi | news18assam
Updated: May 12, 2019, 4:41 PM IST
বিহাৰৰ অৰৰিয়া জিলাত এনেকুৱা এটা ঘটনা সংঘটিত হ’ল যিটো শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। এজন ভাতৃয়ে পত্নীৰ সৈতে মিলি অভিযোগ অনুসৰি সম্পত্তি জব্দ কৰিবলৈ ভগ্নীক ৪ দিনলৈ একো খাবলৈ নিদিলে, হাত–ভৰি বান্ধি বন্দী কৰি ৰাখিলে ঘৰত। ভনীয়েকে খাবলৈ পানী খুজাত প্ৰস্ৰাৱ খাব দিয়া বুলিও অভিযোগ উঠিছে ভাতৃৰ ওপৰত।

ঘটনাটো সংঘটিত হৈছে অৰৰিয়া জিলাৰ ভাগকোহলিয়া পঞ্চায়তৰ লবানা ট’লীত। স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, ভাতৃ আৰু বৌয়েকে মিলি যুৱতীগৰাকীক ঘৰটোৰ দ্বিতীয় মহলাৰ এটা কোঠালিত বন্দী কৰি ৰাখি থৈছিল। বন্দী হৈ থকা সময়খিনিত যুৱতীগৰাকীক একোৱে খাবলৈ দিয়া নাছিল আৰু মাৰপিটো কৰিছিল, যাৰ বাবে তাই অচেতন হৈ পৰিছিল। সম্বন্ধৰ সকলো সীমা তেতিয়া অতিক্ৰম কৰিলে যেতিয়া ভুক্তভোগী যুৱতীগৰাকীয়ে পানী খুজিলে কিন্তু নিৰ্দয়ী ভাতৃয়ে জোৰকৈ খুৱাই দিলে প্ৰস্ৰাৱ। যথা সময়ত গাঁওবাসীয়ে পৰিয়ালক গ্ৰেপ্তাৰ কৰাই যুৱতীগৰাকীক মোকলাই দিলে।

যুৱতীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ভুক্তভোগী যুৱতীগৰাকীয়ে আৰক্ষী চকীত ৰুজু কৰিলে গোচৰ আৰু ক’লে যে তাইৰ মাতৃ–পিতৃৰ মৃত্যু হৈছে। ভাতৃ আৰু বৌয়েকে সম্পত্তি জব্দ কৰিবলৈ তাইৰ ঘৰৰ পৰা উলিয়াই দিব বিচাৰিছিল, যাৰ বাবে তাইক শাৰীৰিক নিৰ্যাতন চলাইছিল। মোৰ ভাতৃয়ে মোক বিয়াও দিব বিচৰা নাছিল। ইফালে ভাতৃ ৰুস্তমে ক’লে যে তেওঁৰ ভনীয়েক মানসিকভাৱে দুৰ্বল আৰু তাই উঠোৱা সকলো অভিযোগ মিছা। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
আৰু চাওক পৰৱৰ্তী বাতৰি