বাইক চলাওতে হেডফোন লগাই দুৰ্ঘটনাত পতিত যুৱক, পত্নীক ভিডিঅ’ কল কৰি মৃত্যুক সাবটিলে যুৱকজনে

বিহাৰৰ বেগুচৰাইত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাকৰ খুন্দাত মৃত্যু এজন বাইক আৰোহীৰ

news18assam
Updated:June 2, 2019, 7:13 PM IST
বাইক চলাওতে হেডফোন লগাই দুৰ্ঘটনাত পতিত যুৱক, পত্নীক ভিডিঅ’ কল কৰি মৃত্যুক সাবটিলে যুৱকজনে
বিহাৰৰ বেগুচৰাইত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাকৰ খুন্দাত মৃত্যু এজন বাইক আৰোহীৰ
news18assam
Updated: June 2, 2019, 7:13 PM IST
দেওবাৰে বিহাৰৰ বেগুচৰাইত সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ট্ৰাকে মহতীয়াই নিলে এজন বাইক আৰোহীক। দুৰ্ঘটনাৰ ফলত যুৱকজনৰ দুয়োখন ভৰি ভাঙি যায়। বাইক আৰোহীজনে হেডফোন লগাই চলাইছিল বাইক। দুৰ্ঘটনাত নিজৰ দুয়োখন ভৰি হেৰুৱাই নিজ পত্নীক ভিডিঅ’  কল কৰি দেখুৱাই আহত লোকজনে। প্ৰত্যক্ষদৰ্শীৰ মতে যুৱকজনে হেডফোন লগাই বাইক চলোৱাৰ বাবে ট্ৰাক খনৰ শব্দ শুনা নাপাই এনেদৰে দুৰ্ঘটনাত পতিত হ’বলগীয়া হ’ল। পিছত যুৱকজনক আৰক্ষীয়ে বেগুচৰাইৰ চিকিৎসালয়লৈ লৈ যায় যদিও, চিকিৎসালয়তে মৃত্যু হয় যুৱকজনৰ। মৃত্যুৰ পিছত যুৱকজনৰ নাম ৰাজাৰাম পণ্ডিত বুলি চিনাক্ত কৰা হয়। ৰাজাৰামে নিজৰ খুলখালিৰ শ্ৰাদ্ধৰ বাবে নিজৰ শহুৰেকৰ ঘৰলৈ গৈ থাকোতেই এনেদৰে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লবলগীয়া হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি