শ্মশান নহয়! শেষকৃত্যৰ পৰিৱৰ্তে বেংকলৈ অনা হ’ল মৃতদেহ, কাৰণ আছিল এয়া...

News18 Assam | News18-Assam
Updated:January 7, 2021, 10:54 AM IST
শ্মশান নহয়! শেষকৃত্যৰ পৰিৱৰ্তে বেংকলৈ অনা হ’ল মৃতদেহ, কাৰণ আছিল এয়া...
টকাৰ অভাৱত মৃতদেহ বেংকলৈ নিয়ে মৃত মহেশ যাদৱৰ গাওঁবাসীয়ে।

টকাৰ অভাৱত মৃতদেহ বেংকলৈ নিয়ে মৃত মহেশ যাদৱৰ গাওঁবাসীয়ে।

  • Share this:
পাটনাঃ কেতিয়াবা শুনিছেনে মৃত্যুৰ পিছত মৃতদেহ দাহ নকৰি বেংকলৈ নিয়াৰ কথা। হয় এনে ঘটনাই সংঘটিত হৈছে বিহাৰত। ইয়াৰ পূৰ্বে এনে ঘটনা কেতিয়াও ঘটা নাছিল। তথাপি নিৰূপায় গাওঁবাসীয়ে এই কাৰ্য কৰে।

শাহজানপুৰৰ বাসিন্দা ৫৫বছৰীয়া মহেশ যাদৱৰ হঠাৎ মৃত্যু হয়। তেওঁৰ কোনো পৰিয়াল তথা উত্তৰাধিকাৰী নাছিল। তেওঁৰ মৃত্যুৰ পিছত শেষকৃত্য কৰা সিদ্ধান্ত লয় গাওঁবাসীয়ে। কিন্তু তেওঁলোকৰ হাতত টকা নাছিল। টকাৰ অভাৱত উপায়ন্তৰ হৈ মহেশ যাদৱৰ মৃতদেহ লৈ স্থানীয় ৰাইজ বেংক পায়গৈ। এই ঘটনাই চকু কপালত তুলিছে সকলোৰে।

মহেশৰ কোনো আইনী উত্তৰাধিকাৰী তথা পৰিয়াল নাছিল। তেওঁ অকলেই থাকিছিল। গাওঁবাসীয়ে তেওঁৰ আপোন। গতিকে তেওঁৰ মৃত্যুৰ পিছত স্থানীয় ৰাইজে শেষকৃত্যৰ দায়িত্ব লৈ মহেশৰ একাউণ্টৰ টকাৰে সেই কাম কৰাৰ কথা চিন্তা কৰে। গতিকে মহেশৰ মৃতদেহ লৈ গৈ বেংক কৰ্তৃপক্ষক গাঁওবাসীয়ে দাবী কৰে একাউণ্টৰ পৰা টকা উলিয়াই দিয়াৰ যাতে সেই ধনেৰে মহেশৰ শেষকৃত্য ভালকৈ হ’ব পাৰে। মৃতদেহ লৈ কানাড়া বেংকত উপস্থিত হয় মহেশৰ গাওঁবাসী।

অৱশ্যে বেংক কৰ্তৃপক্ষই এই দাবী অস্বীকাৰ কৰে। তেওঁলোকে কয় যে, বেংকৰ কিছু নিয়মাৱলী আছে যিসমূহ লংঘন কৰা সম্ভৱ নহয়। যথেষ্ট সময় কথাৰ কটাকটিৰ পিছত গাওঁবাসীয়ে মহেশৰ মৃতদেহ বেংকৰ ভিতৰত থৈ গুচি যায়। ইয়াৰ পিছত বেংকৰ বাহিৰত গৈ বিক্ষোভ কৰা আৰম্ভ কৰে গাওঁবাসীয়ে। এই গণ্ডগোলৰ কাৰণে ঘটনাস্থলীত গাওঁ পঞ্চায়ত, স্থানীয় আৰক্ষী তথা অন্যান্যসকল উপস্থিত হয়।

অৱস্থা আৰু বেয়ালৈ যোৱা দেখি কানাড়া বেংকৰ কৰ্তৃপক্ষই বেংকৰ অন্যান্য কৰ্মচাৰীসকলৰ পৰা চান্দা তোলে। প্ৰায় ১০হাজাৰ টকা তুলি গাওঁবাসীৰ হাতত দিয়ে বেংকৰ বিষয়ববীয়া–কৰ্মচাৰীসকলে। সেই টকাৰে মহেশৰ শেষকৃত্য হয়। বেংকৰ মেনেজাৰ সন্দীপ কুমাৰে কয়, ‘’প্ৰয়াত মহেশ যাদৱৰ একাউণ্টত এক লাখ ১৮হাজাৰ টকা আছে। কিন্তু কোনো মনোনয়ন ৰাখি থৈ যোৱা নাই। মহেশৰ উত্তৰাধিকাৰীসকলৰ ভিতৰত কোনেও এই টকাৰ দাবী নকৰিলে বেংকে কাকো টকা নিদিয়ে।’’।
First published: January 7, 2021, 10:54 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading