ছাত্ৰীক বিদ্যালয়ৰ চৌহদতে দলৱদ্ধ বলাৎকাৰ কৰি হত্যা, শ্ৰেণীকক্ষতে ওলমালে মৃতদেহ

News18 Assam | News18-Assam
Updated:February 13, 2020, 2:56 PM IST
ছাত্ৰীক বিদ্যালয়ৰ চৌহদতে দলৱদ্ধ বলাৎকাৰ কৰি হত্যা, শ্ৰেণীকক্ষতে ওলমালে মৃতদেহ
বিদ্যালয়ৰ চৌহদতে জঘন্য ঘটনা

বিদ্যালয়ৰ চৌহদতে জঘন্য ঘটনা

  • Share this:
সংঘটিত গৈছে এক জঘন্য ঘটনা। বিদ্যালয়ৰ চৌহদতে দলৱদ্ধ ধৰ্ষণ কৰি হত্যা নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক। আনকি হত্যা কৰি ছাত্ৰীগৰাকীৰ মৃতদেহ শ্ৰেণীকোঠাত ওলমাই দিয়া হয়। বিহাৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড। আৰক্ষীয়ে ইতিমধ্যে যুৱতীগৰাকীক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত প্ৰেমিক সহ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। তিনিও অভিযুক্তই আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ কথা।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, হত্যাকাণ্ডৰ আগত ছাত্ৰীগৰাকীক তিনিওটা লম্পটে দলৱদ্ধ ধৰ্ষণ কৰে। পিছত ছাত্ৰীগৰাকীৰ হাত–ভৰি বান্ধি অতি নিৰ্মম ভাবে হত্যা কৰে। উল্লেখযোগ্য যে, প্ৰেমজনীত কাৰণতে এই জঘন্য কাণ্ড সংঘটিত হ’ল বুলি সন্দেহ কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি