অশ্লীল জনপ্ৰতিনিধি! শিক্ষামূলক ভ্ৰমণলৈ আহি যুূৱতীৰ সৈতে উদ্দাম নৃত্য বিহাৰৰ বিধায়কৰ
অশ্লীল জনপ্ৰতিনিধি! শিক্ষামূলক ভ্ৰমণলৈ আহি যুূৱতীৰ সৈতে উদ্দাম নৃত্য বিহাৰৰ বিধায়কৰ
'Act East Policy' নে ‘physical lust getaway’? সমগ্ৰ দেশৰ আগত উত্তৰ পূৰ্বাঞ্চলৰ সন্মান লাঘৱ কৰি থৈ গ’ল বিহাৰৰ বিধায়কৰ দলে! শিক্ষামূলক ভ্ৰমণলৈ আহি সকলো পাহৰি এগৰাকী যুৱতীৰ সৈতে উদ্দাম আৰু অশ্লীল নৃত্য কৰিলে বিহাৰৰ বিধায়কে।
মণিপুৰৰ ভাৰত–ম্যানমাৰ সীমান্তৰ মৰেত আভ্যন্তৰীণ সম্পদ তথা কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধিৰ দল আহিছিল শিক্ষামূলক ভ্ৰমণলৈ। এই দলটোৰ সদস্য হিচাপে আছিল বিহাৰৰ পিপ্ৰা সমষ্টিৰ বিধায়ক যদুৱঞ্চ কুমাৰ যাদৱ। লগতে আছিল কল্যাণপুৰ সমষ্টিৰ বিধায়ক শচীন প্ৰসাদ সিং, জে ডি ইউৰ হচনপুৰ সমষ্টিৰ বিধায়ক ৰাজ কুমাৰ ৰায় তথা আৰ জে ডিৰ ৰাজা পাকাৰ সমষ্টিৰ বিধায়ক শীৱচন্দ্ৰ ৰাম। বিধায়ক সকলে মৰে ভ্ৰমণ কালত লিপ্ত হয় অশ্লীল নৃত্যত। এই কাণ্ডই চকু কপালত তুলিছে সচেতন ৰাইজৰ। ৰহস্যজনকভাৱে নীৰৱ হৈ আছে ৰাজ্য চৰকাৰ তথা প্ৰশাসন।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|