বিহাৰৰ চাৰণ জিলাত নকল সুৰা সেৱন কৰাৰ পিছত মৃত্যু হৈছে ১১ জন লোকৰ আৰু ১২ জন লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। বিষয়াসকলে জনোৱা অনুসৰি, তেওঁলোকৰ বহুজনে দৃষ্টিশক্তি হেৰুৱাইছে। জিলা দণ্ডাধীশ ৰাজেশ মীনা আৰু আৰক্ষী অধীক্ষক সন্তোষ কুমাৰৰ মতে, বিষাক্ত সুৰা প্ৰস্তুত আৰু বিক্ৰীত জড়িত থকাৰ অভিযোগত পাঁচজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, আনহাতে সংশ্লিষ্ট আৰক্ষী থানাৰ এছএইচঅ' আৰু স্থানীয় চকীদাৰক নিলম্বন কৰা হৈছে।
বৃহস্পতিবাৰে দুজন লোকৰ মৃত্যু আৰু বহুতে কিছু পানীয় খোৱাৰ পিছত অসুস্থ হোৱাৰ বিষয়ে তথ্য পোৱা গৈছে। ঘটনাটো মেকাৰ আৰক্ষী থানা অঞ্চলৰ ফুলৱাৰিয়া পঞ্চায়তৰ অন্তৰ্গত গাওঁবোৰৰ পৰা পোৱা গৈছে বুলি তেওঁলোকে দাবী জনাইছে। শুকুৰবাৰে ছপ্ৰা চহৰত এক যুটীয়া সংবাদমেলত তেওঁলোকে সাংবাদিকক কয় যে, "আৰক্ষী, আবকাৰী আৰু চিকিৎসা বিষয়াৰ এটা দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছিল আৰু অসুস্থ হৈ পৰা লোকসকলক ইয়াত থকা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। যিসকলৰ অৱস্থা বেয়া হৈ গৈছিল তেওঁলোকক ততাতৈয়াকৈ পাটনাৰ পিএমচিএইচ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল"।
পাটনা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ৯ জনৰ মৃত্যু হয়, এজন ব্যক্তিগত স্বাস্থ্য কেন্দ্ৰত আৰু আন এজন ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া প্ৰশাসনে ঘটনাটোৰ বিষয়ে জানিব পৰাৰ আগতেই হয়, বুলি তেওঁলোকে প্ৰকাশ কৰিছে। "১২ জন লোক এতিয়াও ইয়াত আৰু পিএমচিএইচত চিকিৎসাধীন হৈ আছে," বুলিও বিষয়াসকলে প্ৰকাশ কৰিছে। এইটো পোহৰলৈ আহিছে যে হিন্দু কেলেণ্ডাৰ অনুসৰি শাওন মাহৰ সময়ত এটা উৎসৱত গাওঁবোৰত সুৰা সেৱনৰ পৰম্পৰা আছে। বিষয়াসকলে জনোৱা অনুসৰি, ৩ আগষ্টত স্থানীয় লোকে নকল সুৰা সেৱন কৰাৰ সময়ত এই উৎসৱ অনুষ্ঠিত হৈছিল।
উল্লেখযোগ্য যে, এছ.এইচ.ও. আৰু চকীদাৰক ইতিমধ্যে নিলম্বন কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে কিয়নো তেওঁলোকে স্থানীয় ৰীতি-নীতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে বুলি জ্যেষ্ঠ বিষয়াজনে মন্তব্য কৰে। গুৰুত্বপূৰ্ণভাৱে, ২০১৬ চনৰ এপ্ৰিলত মাহতে নীতিশ কুমাৰ চৰকাৰে বিহাৰত সুৰাৰ বিক্ৰী আৰু সেৱন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল।
Published by: Subham Goswami
First published: August 06, 2022, 18:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|