বিহাৰত চাৰিটা লম্পটে দলবদ্ধ ধৰ্ষণ কৰিলে এগৰাকী যুৱতীক, সমাজৰ ভয়ত নিৰ্যাতিতা যুৱতীয়ে শেষ কৰিলে নিজৰ জীৱন

News18 Assam | News18-Assam
Updated:October 3, 2020, 10:45 PM IST
বিহাৰত চাৰিটা লম্পটে দলবদ্ধ ধৰ্ষণ কৰিলে এগৰাকী যুৱতীক, সমাজৰ ভয়ত নিৰ্যাতিতা যুৱতীয়ে শেষ কৰিলে নিজৰ জীৱন
জানিব  পৰা মতে, দলিত সম্প্ৰদায়ৰ যুৱতীগৰাকী গাঁৱৰে এটা জন্মদিন পাৰ্টিত অংশগ্ৰহণ কৰিবলৈ গৈছিল। আৰু পাৰ্টিৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

জানিব  পৰা মতে, দলিত সম্প্ৰদায়ৰ যুৱতীগৰাকী গাঁৱৰে এটা জন্মদিন পাৰ্টিত অংশগ্ৰহণ কৰিবলৈ গৈছিল। আৰু পাৰ্টিৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

  • Share this:
উত্তৰ প্ৰদেশৰ হাথৰছৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাই সমগ্ৰ দেশ উত্তাল কৰি ৰাখিছে। অসমৰ এগৰকী যুৱতীও চেন্নাইত ছটাকৈ লম্পটৰ কামনাৰ বলি হোৱাৰ খবৰ আহিছে। তাৰ মাজতে এইবাৰ পোহৰলৈ আহিছে আন এক ধৰ্ষণৰ ঘটনা। বিহাৰৰ গয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এগৰাকী দলিত সম্প্ৰদায়ৰ যুৱতীক চাৰিটা পাষণ্ডই দলবদ্ধ ধৰ্ষণ কৰে।  পিছত সমাজৰ ভয়ত যোৱা শুকুৰবাৰে যুৱতীগৰাকীয়ে স্ব-ইচ্ছাই ত্যাগ কৰে নিজৰ জীৱন।

আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাৰ পিছতে নিৰ্যাতিতা যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে চাৰিওটা লম্পটৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। এই চাৰিটা লম্পটৰ ভিতৰত আছে, ৰাহুল কুমাৰ, চিন্দু কুমাৰ, চন্দন কুমাৰ আৰু এজন অচিনাক্ত লোক।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু অভিযুক্ত চাৰি লম্পটক বিচাৰি তীব্ৰতৰ কৰিছে অভিযান। জানিব পৰা মতে, দলিত সম্প্ৰদায়ৰ যুৱতীগৰাকী গাঁৱতে এটা জন্মদিন পাৰ্টিত অংশগ্ৰহণ কৰিবলৈ গৈছিল। আৰু পাৰ্টিৰ পৰা উভতি অহাৰ সময়তে চাৰিওটা লম্পটে লগ হৈ যুৱতীগৰাকীক নিশা দলবদ্ধ ধৰ্ষণ কৰে।

শুকুৰবাৰে পুৱা যুৱতীগৰাকী নিজ গৃহত উপস্থিত হোৱাৰ পিছত এটা কোঠাত সোমাই দৰ্জা বন্ধ কৰি নিজৰ জীৱন ত্যাগ কৰে।
Published by: Himangshu Bhuyan
First published: October 3, 2020, 10:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading