Fact Check : বিহাৰৰ খেতিয়কে প্ৰতি কেজি ১ লাখ টকাত বিক্ৰী হোৱা “হ’প শ্বুট”ৰ খেতি কৰা নিউজ ভুৱা, ওলাইছে ইয়াৰ প্ৰকৃত সত্য...

সঁচাকৈয়ে ১ লাখ টকাত বিক্ৰী হোৱা “হ’প শ্বুট”ৰ খেতি কৰিছিল নে বিহাৰৰ অমৰেশে?
সঁচাকৈয়ে ১ লাখ টকাত বিক্ৰী হোৱা “হ’প শ্বুট”ৰ খেতি কৰিছিল নে বিহাৰৰ অমৰেশে?
- News18 Assam
- Last Updated: April 5, 2021, 4:13 PM IST
ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, কিয়নো শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে মিছা আছিল এই সকলো কথা । অমৰেশে কৰাই নাই হ’প শ্বুটৰ খেতি ৷
কিছু পূৰ্বে ভাইৰেল হৈ পৰিছিল যে বিহাৰৰ ঔৰংগাবাদ জিলাৰ কৰমদিহ গাঁৱৰ ৩৮ বছৰীয়া কৃষক অমৰেশ সিঙে হ’প শ্বুটৰ খেতি কৰিবলৈ ২.৫ লাখ টকা বিনিয়োগ কৰিছিল ৷ যি সাধাৰণতে আন্তঃৰ্জাতিক পাচলি বজাৰত দেখা পোৱা এটা উদ্ভিদ আৰু যাৰ মূল্য প্ৰতি কিলোগ্ৰামত প্ৰায় ৮৫,০০০ ৰ পৰা ১ লাখ টকা । অমৰেশে তেওঁৰ পাঁচ কঠা মাটিত এই পাচলিবিধৰ খেতি কৰাৰ লগতে দাবী কৰিছিল যে তেওঁ উৎপাদনশীলতা আৰু শস্যৰ পৰা তেওঁৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ কোনো ৰাসায়নিক সাৰ বা কীটনাশকৰ ব্যৱহাৰ কৰা নাছিল । নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, অমৰেশে পৰীক্ষণৰ ভিত্তিত পাচলিবিধৰ উৎপাদন কৰি আছিল আৰু কমেও ৬০ শতাংশ খেতি কাৰ্যকৰীভাৱে হৈছিল ।
অৱশ্যে শনিবাৰে, দৈনিক জগৰণ বাতৰি কাকতে ইয়াৰ সত্যতা নিৰূপন কৰি জনায় যে কৃষকগৰাকীয়ে এনে কোনো পাচলিৰ খেতিয়ে কৰা নাই । সংবাদ মাধ্যমটোৰ এটা দলে অমৰেশৰ গাঁৱলৈ গৈছিল আৰু তেওঁক লগ কৰি দেখিছিল যে এই সম্পৰ্কত সকলো প্ৰতিবেদন ভুৱা আছিল আৰু তেওঁৰ এনে কোনো পাচলি খেতি কৰা নাই । আনকি স্থানীয় গাওঁবাসীয়েও নিশ্চিত কৰিছিল যে তেওঁলোকৰ ওচৰত “হ’প শ্বুট” নামৰ এনে কোনোধৰণৰ পাচলিৰ খেতি কৰা হোৱা নাই ।
কৃষি বিজ্ঞানী ড০ লালৰ নিৰ্দেশনাত বাৰাণসীৰ ভাৰতীয় পাচলি গৱেষণা প্ৰতিষ্ঠানতহে বৈজ্ঞানিকভাৱে হুমুলাছ-লুপুলাস নামেৰে জনাজাত হ’প শ্বুটৰ খেতি কৰা হৈছে । পূৰ্বৰ প্ৰতিবেদনত অমৰেশে এই প্ৰতিষ্ঠানৰ পৰাই উদ্ভিদবিধৰ পুলি নিছিল দাবী কৰা হৈছিল । এই হ’প শ্বুটৰ ফুলবিধক হপ-ক’নচ বা ষ্ট্ৰোবাইল বুলি কোৱা হয়, ইয়াক বীয়েৰ নিৰ্মাণত ব্যৱহাৰ কৰা হয় । উদ্ভিদবিধৰ আন অংশ যেনে ডালক খাদ্য আৰু ঔষধৰ বাবে ব্যৱহাৰ কৰা হয়।