• Home
  • »
  • News
  • »
  • nation
  • »
  • আচৰিত! প্ৰতিকেজি পাচলিৰ মূল্য ৮৫,০০০ টকা! বিহাৰত উৎপাদিত এই পাচলি বিশ্বৰ ভিতৰতে আটাইতকৈ ব্যয়বহুল

আচৰিত! প্ৰতিকেজি পাচলিৰ মূল্য ৮৫,০০০ টকা! বিহাৰত উৎপাদিত এই পাচলি বিশ্বৰ ভিতৰতে আটাইতকৈ ব্যয়বহুল

ঔৰাংগবাদৰ কাৰমাদিতৰ কৃষক অমৰেশ কুমাৰ সিঙে হাতত লৈছে এই সাহসী পদক্ষেপ । ৪ মাহ পূৰ্বে হিমাচল প্ৰদেশৰ পৰা এই বিশেষ পাচলিৰ পুল আনি ৰোপণ কৰিছিল তেওঁ । যি ক্ৰমান্বয়ে বাঢ়িবলৈ লৈছে। এই উদ্ভিদৰ লগতেই বৃদ্ধি হৈছে তেওঁৰ আশা-প্ৰত্যাশাও ৷

  • Share this:
আপুনি কেতিয়াবা কল্পনা কৰিছিল নে যে, এবিধ পাচলিৰ মূল্য  প্ৰতিকেজিত ৮৫ হাজাৰ টকা পৰ্যন্ত হ’ব পাৰে !  পিছে সঁচাকৈয়ে আছে এবিধ ৮৫ হাজাৰ টকীয়া পাচলি। বিহাৰৰ ঔৰংগাবাদৰ কাৰমাদিতৰ কৃষক অমৰেশ কুমাৰ সিঙে আধুনিক প্ৰযুক্তিৰে কৰিছে এইবিধ পাচলিৰ খেতি।

বিশ্বৰ আটাইতকৈ ব্যয়বহুল এই পাচলিবিধৰ নাম হৈছে 'হ’প শ্বুট'(Hop Shoots)। আন্তৰ্জাতিক বজাৰত ইয়াৰ মূল্য প্ৰায় প্ৰতিকেজিত ৮৫ হাজাৰ টকা । হপ শ্বুট স্বাস্থ্যৰ বাবে অতি লাভজনক। ইয়াক বহু গুৰুতৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়, যাৰ বাবে ইয়াৰ মূল্য বেছি। তথ্য অনুসৰি, জাৰ্মানীত এই পাচলিবিধৰ খেতি আৰম্ভ কৰা হৈছিল। তাৰ পিছত লাহে লাহে আন দেশতো ইয়াৰ উৎপাদন আৰম্ভ কৰা হৈছিল ৷ আৰু এতিয়া ভাৰততো ঔৰাংগাবাদৰ এজন কৃষকে এই পাচলিৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে ।

ঔৰাংগাবাদৰ কাৰমাদিতৰ কৃষক অমৰেশ কুমাৰ সিঙে হাতত লৈছে এই সাহসী পদক্ষেপ । তেওঁ নৱনগৰ খণ্ডৰ কাৰাীমাদি গাঁৱত প্ৰায় পাঁচ কঠা মাটিত হ’প শ্বুটৰ খেতি কৰি কৰিছে। জানিব পৰা মতে, ৪ মাহ পূৰ্বে হিমাচল প্ৰদেশৰ পৰা এই বিশেষ পাচলিৰ পুলি আনি ৰোপণ কৰিছিল তেওঁ। যি ক্ৰমান্বয়ে বাঢ়িবলৈ লৈছে।

তথ্য অনুসৰি, এই পাচলিবোৰ বজাৰত উপলব্ধ নহয়। ইয়াক এণ্টিবায়’টিক তৈয়াৰ কৰিবলৈহে ব্যৱহাৰ কৰা হয়। হ’প-শ্বুটে এণ্টিব’ডি সৃষ্টি কৰাত যথেষ্ট সহায় কৰে। টিবিৰ দৰে ৰোগৰ সৈতে যুঁজ কৰাত সহায় কৰে। ইয়াক কৰ্কট ৰোগৰ ঔষধ প্ৰস্তুতৰ বাবেও ব্যৱহাৰ কৰা হয়।

এয়াও পঢ়ক : কাইলৈৰ পৰা ১২ ঘণ্টীয়া সান্ধ্য আইন, এই অঞ্চলত হ'ব ল'ক ডাউন!
Published by:Himangshu Bhuyan
First published: