• Home
  • »
  • News
  • »
  • nation
  • »
  • Engineering College shutdown : নামভৰ্তিৰ বাবে টকা নাই ! গৰু পাঁচটা দিলেই হ'ব ! এইখন ইঞ্জিনীয়াৰিং কলেজৰ অদ্ভূত কাণ্ড

Engineering College shutdown : নামভৰ্তিৰ বাবে টকা নাই ! গৰু পাঁচটা দিলেই হ'ব ! এইখন ইঞ্জিনীয়াৰিং কলেজৰ অদ্ভূত কাণ্ড

চাৰিবছৰীয়া ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰমৰ মাছুলৰ বাবদ টকাৰ সলনি গৰু দানৰ বিকল্প ব্যৱস্থা আছিল এইখন কলেজত।

চাৰিবছৰীয়া ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰমৰ মাছুলৰ বাবদ টকাৰ সলনি গৰু দানৰ বিকল্প ব্যৱস্থা আছিল এইখন কলেজত।

চাৰিবছৰীয়া ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰমৰ মাছুলৰ বাবদ টকাৰ সলনি গৰু দানৰ বিকল্প ব্যৱস্থা আছিল এইখন কলেজত।

  • Share this:
উচ্চ শিক্ষা মানেই আজিকালি লাখ লাখ টকাৰ বেপাৰ। তাতে যদি ইঞ্জিনীয়াৰিং শিক্ষা হয় তেনেহ'লে কিমান লাখ লাগিব নুশুধাই ভাল। পিছে এইখন দেশতে আছে এখন আজৱ ইঞ্জিনীয়াৰিং কলেজ (Engineering College) য'ত নামভৰ্তিৰ বাবে আপোনাৰ টকা নাথাকিলেও হ'ব- আপুনি কেৱল দিব লাগিব পাঁচটা গৰু।

কিন্তু ইণ্ডিয়ান এক্সপ্ৰেছৰ এক বাতৰি মতে কলেজখন বৰ্তমান বন্ধ হৈ পৰিছে আৰ্থিক খেলিমেলিৰ কাৰণে। বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি বন্ধ হৈ পৰিছে এই আজৱ ইঞ্জিনীয়াৰিং কলেজখন। জানিব পৰা মতে বেংকক প্ৰায় ৬ কোটি টকা ঋণ পৰিশোধ কৰিবলৈ আছে কলেজ কৰ্তৃপক্ষই। কিন্তু কলেজখন বন্ধ হৈ পৰাৰ (Bihar Engineering College shutdown) লগে লগে অন্ধকাৰ হৈ পৰিছে অধ্যয়ন কৰি থকা ৩০০ৰ অধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত। এই মুহূৰ্তত অন্তিম বৰ্ষৰ পৰীক্ষা দিয়াত অপাৰগ হৈছে ২৯ গৰাকী ছাত্ৰ-ছাত্ৰী। কাৰণ পৰীক্ষাৰ আগে আগেই বন্ধ হৈ পৰিল কলেজখন।

উল্লেখ্য যে এই আজৱ ইঞ্জিনীয়াৰিং কলেজখন আছে বিহাৰৰ বাক্সাৰ জিলাৰ আৰিৱান (Bihar Engineering College shutdown) নামৰ ঠাইখনত। ২০১০ চনত কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত লোকে মিলি আৰম্ভ কৰিছিল ইঞ্জিনীয়াৰিং কলেজখন। তেওঁলোকৰ ভিতৰত অৱসৰপ্ৰাপ্ত DRDOৰ বিজ্ঞানী, চাৰ্টাৰ্ড একাউণ্টেণ্ট, চিকিতসক আৰু কেইবাগৰাকী অভিযন্তাও আছিল। অতি কম সময়তে কলেজখন জনপ্ৰিয় হৈছিল আৰু ইতিমধ্যে ২০০ৰ অধিক ছাত্ৰ-ছাত্ৰী কলেজখনৰ পৰা উত্তীৰ্ণ হৈ গৈছে।

চাৰিবছৰীয়া ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰমৰ প্ৰতিবছৰৰ মাছুল আছিল ৭২ হাজাৰ টকা। কিন্তু যিসকল ছাত্ৰ-ছাত্ৰী নামভৰ্তিৰ মাছুল দিবলৈ অক্ষম তেওঁলোকৰ বাবে ৰখা হৈছিল গৰু দান (Cow As College Fees)ৰ বিকল্প ব্যৱস্থা। জানিব পৰা মতে যি ২০০জন শিক্ষাৰ্থী ইতিমধ্যে হৈছে তাৰ ভিতৰত প্ৰায় ২০ জনেই গৰু দান কৰি পঢিছিল এইখন কলেজত।
Published by:Manjumoni Borah
First published: