• Home
  • »
  • News
  • »
  • nation
  • »
  • Bihar Election Result 2020 : বিহাৰত এইবাৰ পৰিৱৰ্তন নে প্ৰত্যাৱৰ্তন? পুনৰ ক্ষমতালৈ নীতিশ নে এইবাৰ তেজস্বী?

Bihar Election Result 2020 : বিহাৰত এইবাৰ পৰিৱৰ্তন নে প্ৰত্যাৱৰ্তন? পুনৰ ক্ষমতালৈ নীতিশ নে এইবাৰ তেজস্বী?

ইভিএম কাৰ পক্ষত ৰায় দিয়ে তাৰ বাবে অপেক্ষা আৰু কেইটামান ঘণ্টাৰ।

ইভিএম কাৰ পক্ষত ৰায় দিয়ে তাৰ বাবে অপেক্ষা আৰু কেইটামান ঘণ্টাৰ।

ইভিএম কাৰ পক্ষত ৰায় দিয়ে তাৰ বাবে অপেক্ষা আৰু কেইটামান ঘণ্টাৰ।

  • Share this:
বিহাৰত এইবাৰ ইউপিএ নে এনডিএ? পুনৰ এবাৰ ক্ষমতালৈ নীতিশ নে প্ৰথমবাৰৰ বাবে তেজস্বী যাদৱ? বিভিন্ন এগজিট প’লত ইয়াৰ পূৰ্বানুমান পোৱা গৈছে। আজি জনতাৰ ৰায়। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা।

বিহাৰ বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা পাবলৈ প্ৰয়োজন ২৪৩খন আসনৰ ভিতৰত ১২২খন আসন। ইভিএম কাৰ পক্ষত ৰায় দিয়ে তাৰ বাবে অপেক্ষা আৰু কেইটামান ঘণ্টাৰ।

২০১৫ চনত বিহাৰৰ ভোট সমীকৰণ আছিল আন ধৰণৰ। বিহাৰৰ ৮০ৰো অধিক আসনত জয়লাভ কৰিছিল লালু প্ৰসাদৰ আৰজেডিয়ে। সৰ্বোচ্চ আসন আছিল তেওঁলোকৰ দখলত। আসন দখলৰ দৌৰত দ্বিতীয় আছিল নীতিশ কুমাৰ। নীতিশৰ দল জেডিইউৰ দখলত আছিল ৭১খন আসন। ইয়াৰ উপৰি বিজেপিয়ে ৫৪, কংগ্ৰেছে ২৭, এলজেপিয়ে দুখন, আৰএলএছপিয়ে দুখন আৰু অন্যান্যই পাইছিল ৭খন আসন।

এইবাৰৰ নিৰ্বাচনৰ সমীক্ষাত আৰজেডি, কংগ্ৰেছ আৰু বাও মহাজোঁটৰ জয়ৰ পূৰ্বানুমান পোৱা গৈছে। অধিকাংশ সমীক্ষাই কৈছে, এনডিএ মিত্ৰজোঁটক পিছ পেলাই সৰকাৰ গঠনৰ দিশে আগুৱাই আছে তেজস্বীৰ আৰজেডিৰ নেতৃত্বাধীন ইউপিএ জোঁট।
Published by:Sanjay Kumar Das
First published: