• Home
  • »
  • News
  • »
  • nation
  • »
  • Bihar Election Results 2020: সলনি হৈছে ছবি! এই পৰ্যন্ত ১০৪ খনত অগ্ৰগতি NDA, বিপৰীতে ১০৩ খনত মহাজোঁট

Bihar Election Results 2020: সলনি হৈছে ছবি! এই পৰ্যন্ত ১০৪ খনত অগ্ৰগতি NDA, বিপৰীতে ১০৩ খনত মহাজোঁট

কি হ’ব বিহাৰত? কোনে গঠন কৰিব চৰকাৰ?

কি হ’ব বিহাৰত? কোনে গঠন কৰিব চৰকাৰ?

কি হ’ব বিহাৰত? কোনে গঠন কৰিব চৰকাৰ?

  • Share this:
ভোটগণনা চলি আছে বিহাৰ বিধানসভা নিৰ্বাচনৰ। এইবাৰ নিৰ্বাচনত তেজশ্ৰী যাদৱৰ ওপৰত বিশেষ ভাবে দৃষ্টি ৰাখিছে সমগ্ৰ দেশবাসীয়ে। যদিও বিজেপিয়ে পূৰ্বৰ ধাৰা অটুট ৰাখিবলৈ সক্ষম হৈছে, তাৰ সমান্তৰালকৈ কিন্তু নীতিশ কুমাৰৰ জনতা দল ইউনাইটেডে এইবাৰ বিশেষ ভাবে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখা গৈছে।



বিহাৰত মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰিব নেকি নীতিশ কুমাৰ? কোনে মাৰিব শেষ হাঁহি? এতিয়াও কিন্তু স্পষ্ট হোৱা নাই ছবিখন। প্ৰথম অৱস্থাত আৰ জে ডি মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰি আছিল । পুৱা ৯.৩০ বজাৰ ট্ৰেণ্ডলৈকে ৯৪ খনত আসনত অগ্ৰগতি লাভ কৰিছিল এন ডি এ। সেইদৰে ১০০ খন আসনত আগবাঢ়িছিল আৰ জে ডি। ইয়াৰ বিপৰীতে এল জে পিয়ে দুখন আৰু অন্যান্যই ০৩ খন আসনত আগবাঢ়ি আছিল।


কিন্তু এতিয়া পুনৰ যেন সলনি হৈছে ছবি। বৰ্তমানলৈকে ১০৪ খনত NDA এ আগবাঢ়ি থকাৰ বিপৰীতে ১০৩ খনত মহাজোঁট বন্ধন আগবাঢ়ি আছে। চৰকাৰ গঠন কৰিবলৈ মেজিন নম্বৰ হ’ল ১২২।
Published by:Himangshu Bhuyan
First published: