• Home
  • »
  • News
  • »
  • nation
  • »
  • Bihar Election Result 2020 : নীতিশ নে তেজস্বী, কোনে মাৰিব শেষ হাঁহি? বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আজি

Bihar Election Result 2020 : নীতিশ নে তেজস্বী, কোনে মাৰিব শেষ হাঁহি? বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আজি

কিছুদিন পূৰ্বে অধিকাংশ এগজিট প’লত জেডিইউ–বিজেপি মিত্ৰজোঁটৰ পৰাজয় আৰু আৰজেডি নেতৃত্বৰ মহাজোঁট বন্ধনৰ জয়ৰ পূৰ্বানুমান কৰা হৈছিল।

  • Share this:
আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। অধিকাংশ একগিট প’লত আৰ জে ডি নেতা তেজস্বী যাদৱৰ নেতৃত্বত পাঁচ দলৰ মহাজোঁট বন্ধনে জয়লাভ কৰিব বুলি পূৰ্বানুমান প্ৰকাশ কৰিছে। ৰাজ্যখনত ৩৮খন জিলাৰ ৫৫টা কেন্দ্ৰত হ’ব  ভোটগণনা। আজিৰ ফলাফলে নীতিশ কুমাৰ চৰকাৰৰ নিৰ্বাচনী ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব। নীতিশ কুমাৰ বিগত ১৫ বছৰ ধৰি বিহাৰৰ মুখ্যমন্ত্ৰী।

কিছুদিন পূৰ্বে অধিকাংশ এগজিট প’লত জেডিইউ–বিজেপি মিত্ৰজোঁটৰ পৰাজয় আৰু আৰজেডি নেতৃত্বৰ মহাজোঁট বন্ধনৰ জয়ৰ পূৰ্বানুমান কৰা হৈছিল। ৩১ বছৰীয়া তেজস্বী যাদৱ মহাজোঁট বন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। নিৰ্বাচন আয়োগে ভোটগণনা সুচাৰুৰূপে কৰাৰ বাবে প্ৰস্তুতি সম্পন্ন কৰিছে আৰু ভোটগণনা প্ৰক্ৰিয়াত যাতে কোনো বাধা আহিব নোৱাৰে তাৰ প্ৰতি গুৰুত্ব দিয়া হৈছে।

মুখ্য নিৰ্বাচনী বিষয়া এইচ আৰ শ্ৰীনিবাসনে কয় যে ভোটদান হোৱাৰ পিছত যি কোঠাত ইভিএম মেচিন ৰখা হৈছে তাত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে আৰু মঙলবাৰে পোষ্টেল বেলট গণনাৰ পিছতে খোলা হ’ব ষ্ট্ৰং ৰুম। উল্লেখযোগ্য যে ২৪৩খন আসনযুক্ত বিহাৰ বিধানসভাত জয়ৰ বাবে মেজিক নম্বৰ হ’ল ১২২।
Published by:Sanjay Kumar Das
First published: