• Home
  • »
  • News
  • »
  • nation
  • »
  • Bihar Election: প্ৰচাৰ সভাত ৰাজনৈতিক সন্যাসৰ ঘোষণা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ

Bihar Election: প্ৰচাৰ সভাত ৰাজনৈতিক সন্যাসৰ ঘোষণা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ

১৫বছৰে বিহাৰৰ মুখ্যমন্ত্ৰী হৈ আছে নীতিশ কুমাৰ।

১৫বছৰে বিহাৰৰ মুখ্যমন্ত্ৰী হৈ আছে নীতিশ কুমাৰ।

১৫বছৰে বিহাৰৰ মুখ্যমন্ত্ৰী হৈ আছে নীতিশ কুমাৰ।

  • Share this:
পাটনাঃ বিহাৰ বিধানসভা নিৰ্বাচনৰ (Bihar Assembly Election) তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সাত নৱেম্বৰত। ইয়াৰ প্ৰচাৰৰ মাজতে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিশ কুমাৰে (CM Nitish Kumar) ধমদাহাৰ ৰেলীত ৰাজনীতিৰ পৰা সন্যাসৰ কথা ঘোষণা কৰিছে। তেওঁ কয় যে বিহাৰ বিধানসভা নিৰ্বাচন২০২০ মোৰ অন্তিম নিৰ্বাচন। উল্লেখ্য যে, বিহাৰৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰৰ আজি অন্তিম দিন।

নীতিশ কুমাৰে কয়, 'আপোনালোকে জানি লওক তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি অন্তিম প্ৰচাৰৰ দিন। পৰহিলৈ নিৰ্বাচন আৰু এয়া মোৰ অন্তিম নিৰ্বাচন। শেষ ভালেই সকলো ভাল। এতিয়া আপোনালোকে কওক ভোট দিব নে। বহুত বহুত ধন্যবাদ।'



উল্লেখ্য যে, নীতিশ কুমাৰে ১৯৭৭চনত প্ৰথম নিৰ্বাচন খেলিছিল। তেওঁ কেইবাবাৰো লোকসভাৰ সাংসদ আছিল আৰু অটল বিহাৰী বাজপেয়ীৰ চৰকাৰত মন্ত্ৰীও আছিল। ২০০৫চনৰ পৰা তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ আছে। এইবাৰৰ নিৰ্বাচনত লোক জনশক্তি দলৰ নেতা চিৰাগ পাচোৱান আৰু আৰ জে ডিৰ তেজস্বী যাদৱে নীতিশ কুমাৰক যুৱ বিৰোধী আখ্যা দি তীব্ৰ ভাষাৰে আক্ৰমণ কৰিছে।
First published: