ৰাজ্য চৰকাৰৰ বৃহত্‍ সিদ্ধান্ত! ২০ লাখ নিবনুৱালৈ চাকৰি, বিনামূলীয়া হ’ব কোৰোণা ভেকচিন!

News18 Assam | News18-Assam
Updated:December 16, 2020, 12:24 PM IST
ৰাজ্য চৰকাৰৰ বৃহত্‍ সিদ্ধান্ত! ২০ লাখ নিবনুৱালৈ চাকৰি, বিনামূলীয়া হ’ব কোৰোণা ভেকচিন!
মঙলবাৰে কেবিনেটে জনাই অনুমোদন।

মঙলবাৰে কেবিনেটে জনাই অনুমোদন।

  • News18 Assam
  • Last Updated: December 16, 2020, 12:24 PM IST
  • Share this:
নিবনুৱা সমস্যা সমস্যা সমগ্ৰ দেশৰ বাবেই এতিয়া হৈ পৰিছে  বৃহত্‍ সমস্যা। কৰোণা মহামাৰী, ল’ক ডাউনৰ পিছৰে পৰা দেশত ভয়ংকৰ গতিত বাঢ়িছে শিক্ষিত নিবনুৱাৰ সংখ্যা। তাৰ মাজতে বিহাৰ চৰকাৰে লৈছে ঐতিহাসিক সিদ্ধান্ত।

মঙলবাৰে বিহাৰ চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি, আগন্তুক বছৰত ২০ লাখ নতুন চাকৰি সৃষ্টি কৰি নিবনুৱাক নিযুক্তি দিয়াৰ লগতে বিনামূলীয়া হ’ব কোৰোণাৰ ভেকচিন।

উল্লেখযোগ্য যে, নিবনুৱালৈ কৰ্মসংস্থাপন আগবঢ়োৱা আছিল বিহাৰৰ  এন ডি এ মিত্ৰজোঁটৰ চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি। আৰু প্ৰতিশ্ৰুতি অনুসৰিয়েই, চৰকাৰী আৰু বেচৰকাৰী খণ্ডত ২০ লাখ চাকৰিৰ সৃষ্টি, মহিলাৰ দক্ষতা বিকাশৰ বিশেষ আঁচনি হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সেইদৰে মহিলাৰ সাৱলিকৰণৰ বাবে চৰকাৰে আগবঢ়াব ৫ লাখ টকা পৰ্যন্ত লোন। আত্মনিৰ্ভৰ ভাৰত অভিযানক গুৰুত্ব দিয়া হ’ব এই ক্ষেত্ৰত।

ইফালে কোৰোণা ভাইৰাছৰ ভেকচিন বিহাৰৰ বিনামূলীয়া হোৱাৰ ক্ষেত্ৰতো অনুমোদন জনাই নিতীশ কুমাৰৰ কেবিনেটে।
Published by: Himangshu Bhuyan
First published: December 16, 2020, 12:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি