• Home
  • »
  • News
  • »
  • nation
  • »
  • Bihar Blast : ভয়ংকৰ বিস্ফোৰণত কঁপিল বিহাৰ, ৬ মহীয়া শিশুসহ ১০জনৰ মৃত্যু

Bihar Blast : ভয়ংকৰ বিস্ফোৰণত কঁপিল বিহাৰ, ৬ মহীয়া শিশুসহ ১০জনৰ মৃত্যু

প্ৰথমে সকলোৱে এয়া ভূমিকম্প বুলি ভাবিছিল। বিস্ফোৰণৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰ্য আৰম্ভ কৰে।

প্ৰথমে সকলোৱে এয়া ভূমিকম্প বুলি ভাবিছিল। বিস্ফোৰণৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰ্য আৰম্ভ কৰে।

প্ৰথমে সকলোৱে এয়া ভূমিকম্প বুলি ভাবিছিল। বিস্ফোৰণৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰ্য আৰম্ভ কৰে।

  • Share this:
ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল বিহাৰৰ ভাগলপুৰ (Bhagalpur Blast)। এই বিস্ফোৰণ সংঘটিত হয় বৃহস্পতিবাৰে নিশা চাৰে ১১টা বজাত। ঘটনাত ইতিমধ্যে মৃত্যু হৈছে শিশুসহ ১০জনৰ। বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে দুই কিলোমিটাৰ পৰ্যন্ত এলেকা কঁপি উঠে। চাৰি কিলোমিটাৰৰো অধিক দূৰত্বলৈ শুনা যায় এই বিস্ফোৰণৰ শব্দ।

এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে তাতাৰপুৰ অঞ্চলত। যিটো ঘৰত বিস্ফোৰণ সংঘটিত হৈছে সেই ঘৰটোৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে ওচৰ–পাজৰৰ আৰু কেইবাটাও ঘৰৰ ক্ষতিসাধন হয়। ঘটনাস্থলীৰ পৰা ২০০–৩০০ মিটাৰ পৰ্যন্ত ঘৰৰ ধ্বংসাৱশেষ চিটিকি পৰা দেখা গৈছে।

প্ৰথমে সকলোৱে এয়া ভূমিকম্প বুলি ভাবিছিল। বিস্ফোৰণৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰ্য আৰম্ভ কৰে। বিস্ফোৰণৰ পিছতে জেচিবিৰ সহায়ত ধ্বংসস্তুপৰ পৰা ১৪জন লোকক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীতে ৭জন লোকৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে। পিছত বৃদ্ধি পায় মৃতকৰ সংখ্যা।



এই ঘটনাৰ পিছতে টুইট কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উদ্ধাৰকাৰ্য যাতে দ্ৰুতগতিত চলোৱা হয়, সেই আহ্বান জনাইছে মোদীয়ে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতেও বাৰ্তালাপ কৰে মোদীয়ে। বিস্ফোৰণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাস্থলীত ফৰেনছিকৰ দল উপস্থিত হৈ বিস্ফোৰণ সম্পৰ্কে অনুসন্ধান আৰম্ভ কৰিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি