নতুন আইনৰ এইপৰ্যন্ত সৰ্ববৃহৎ চালান, ট্ৰাকৰ অভাৰলডিঙৰ বাবে ২লাখ টকা জৰিমনা

২৫টনৰ অনুমতি থকাৰ পিছত ট্ৰাকখনত ৪৩টন সামগ্ৰী লৈ যোৱাৰ অভিযোগ। অতিৰিক্ত ১৮টনৰ কাৰণে এই বৃহৎ পৰিমাণৰ ধন জৰিমনা বিহা হয়। 

News18
Updated:September 13, 2019, 8:15 AM IST
নতুন আইনৰ এইপৰ্যন্ত সৰ্ববৃহৎ চালান, ট্ৰাকৰ অভাৰলডিঙৰ বাবে ২লাখ টকা জৰিমনা
২৫টনৰ অনুমতি থকাৰ পিছত ট্ৰাকখনত ৪৩টন সামগ্ৰী লৈ যোৱাৰ অভিযোগ। অতিৰিক্ত ১৮টনৰ কাৰণে এই বৃহৎ পৰিমাণৰ ধন জৰিমনা বিহা হয়। 
News18
Updated: September 13, 2019, 8:15 AM IST
নতুন যান–বাহন আইনৰ অধীনত সকলো অভিলেখ ভংগ হ’ল। দিল্লীত এখন ট্ৰাকৰ পৰা ২লাখ টকাৰ চালান কাটি পৰিবহন বিভাগে সকলোৰে চকু কপালত তুলিছে। ৰামকিছন নামৰ ট্ৰাক ড্ৰাইভাৰ জনে জৰিমনা হিচাপে দুই লাখ ৫০০টকা ভৰিব লগা হৈছে।

এই বৃহৎ পৰিমানৰ জৰিমনা ভৰিবলৈ দিয়া HR 69C7473 নম্বৰৰ ট্ৰাকখন হাৰিয়ানাৰ। অভিযোগ অনুসৰি ২৫টনৰ অনুমতি থকাৰ পিছত ট্ৰাকখনত ৪৩টন সামগ্ৰী লৈ যোৱাৰ অভিযোগ। অতিৰিক্ত ১৮টনৰ কাৰণে এই বৃহৎ পৰিমাণৰ ধন জৰিমনা বিহা হয়। ট্ৰাক মালিকে অৱশ্যে এই কথা অস্বীকাৰ কৰিছে আৰু অন্যায় কৰাৰ অভিযোগ কৰিছে।

অভাৰলোডিঙত এইপৰ্যন্ত সৰ্ববৃহৎ চালান।
আৰু চাওক পৰৱৰ্তী বাতৰি