দেশৰ পৰা পলিঅ’ দূৰ কৰিবলৈ ৮ বছৰ লাগিছিল, #MissionPaani অভিযানতো আমি সফল হ’ম : অমিতাভ বচ্চন

অমিতাভ বচ্চনে কয় – কাইলৈ যদি পানী নাথাকে কি হ’ব ভাবক। সেইবাবে আমি এতিয়াৰে পৰা পানী সংৰক্ষণ কৰা উচিত।

News18-Assam
Updated:August 27, 2019, 3:07 PM IST
দেশৰ পৰা পলিঅ’ দূৰ কৰিবলৈ ৮ বছৰ লাগিছিল, #MissionPaani অভিযানতো আমি সফল হ’ম : অমিতাভ বচ্চন
অমিতাভ বচ্চনে কয় – কাইলৈ যদি পানী নাথাকে কি হ’ব ভাবক। সেইবাবে আমি এতিয়াৰে পৰা পানী সংৰক্ষণ কৰা উচিত।
News18-Assam
Updated: August 27, 2019, 3:07 PM IST
দেশক পানীৰ সংকটৰ পৰা বচাবলৈ NETWORK18–এ আৰম্ভ কৰিছে #MissionPaani অভিযান। পানীৰ সংৰক্ষণৰ সজাগতাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে NETWORK18-এ। আজি এই অভিযানৰ এম্বেছাডৰ অমিতাভ বচ্চনে শুভাৰম্ভণি কৰে অনুষ্ঠানৰ। অমিতাভ বচ্চনে কয় যে যদি পানী নাথাকে কি হ’ব পাৰে, আমি জনসাধাৰণক এনেকুৱা ধৰণৰ উদাহৰণ দিব লাগিব আৰু পানী কেনেকৈ সংৰক্ষণ কৰিব পাৰি তাৰো উদাহৰণ দিব লাগিব। প্ৰতিজন লোকে পানী সংৰক্ষণৰ বাবে কাম কৰিব লাগিব।

অমিতাভ বচ্চনে কয় – কাইলৈ যদি পানী নাথাকে কি হ’ব ভাবক। সেইবাবে আমি এতিয়াৰে পৰা পানী সংৰক্ষণ কৰা উচিত। পানীৰ অপচয় ৰোধৰ বাবে আমি নিজে ব্যৱহাৰত পৰিৱৰ্তন আনিব লাগিব।

মেগাষ্টাৰগৰাকীয়ে কয় যে ইতিমধ্যে বহু পলম হৈছে। কাইলৈৰ বাবে আমি পানী সংৰক্ষণ কৰিব লাগে। কিয়নো পানীয়েই জীৱন। সকলোকে এই অভিযানৰ অংশ হ’বলৈ আহ্বান জনায় অমিতাভ বচ্চনে। এনেধৰণৰ সজাগতা অভিযানৰ জৰিয়তে দেশত ভাল বাৰ্তা যায়। অমিতাভ বচ্চনে কয় যে দেশৰ পৰা পলিঅ’ শেষ কৰিবলৈ ৮ বছৰ লাগিছিল। এয়া সহজ কাম নাছিল। আমি মিছন পানী অভিযানতো সফল হ’ম।

আনহাতে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনবীছে কয় যে চৰকাৰ এই বিষয়টোক লৈ চিন্তিত আৰু তেওঁৰ চৰকাৰে পানী সংৰক্ষণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে কয় – মই অত্যন্ত সুখী যে NETWORK18–এ পানী সংৰক্ষণৰ বাবে ইমান ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী মোদীৰ মিছনত যথেষ্ট সহায় হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি