ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ (
Ukraine-Russia War) পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ (US)কে ধৰি পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ ওপৰত বহু কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে আৰু তাৰ পৰা খাৰুৱা তেল (Crude Oil) আৰু অন্যান্য সামগ্ৰীৰ আমদানি আৰু ৰপ্তানি নিষিদ্ধ কৰিছে। অৱশ্যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু অন্যান্য সামগ্ৰী আমদানি কৰিয়েই আছে। আমেৰিকা যুক্তৰাষ্ট্ৰই এই বিষয়টোত প্ৰতিক্ৰিয়া জনাইছে। হোৱাইট হাউছে (White House) সোমবাৰে কয় যে ৰাছিয়াৰ পৰা শক্তি আৰু অন্যান্য সামগ্ৰীৰ আমদানি ত্বৰান্বিত বা বৃদ্ধি কৰাটো ভাৰতৰ পক্ষে হিতকৰ নহয়। একে সময়তে, আমেৰিকাই ভাৰতৰ পৰা মস্কো (Moscow)ৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে একেলগে কাম কৰাৰ প্ৰস্তাৱ দিছে।
যোৱা সপ্তাহত ভাৰত-আমেৰিকাৰ শীৰ্ষ উপদেষ্টা দিলীপ সিঙৰ নতুন দিল্লী ভ্ৰমণ সন্দৰ্ভত বিৱৰণ দি হোৱাইট হাউছৰ প্ৰেছ সচিব জেন চাকী (Jen Psaki)য়ে সাংবাদিকক কয় যে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিষেধাজ্ঞাৰ বিষয়ে ব্যাখ্যা কৰিছে আৰু যিকোনো দেশ বা প্ৰতিষ্ঠানে ইয়াক মানি চলিব লাগে বুলি পুনৰ কয়।
ভাৰত ভ্ৰমণৰ সময়ত জেন চাকীয়ে ভাৰতীয় বিষয়াসকলক কয় যে ৰাছিয়াৰ পৰা তেল বা অন্যান্য সামগ্ৰীৰ আমদানি বৃদ্ধি কৰাটো ভাৰতৰ পক্ষে হিতকৰ নহয় ৷ আনহাতে চাকীয়ে কয় যে ভাৰতে ৰাছিয়াৰ পৰা আমদানি কৰি থকা তেল ইয়াৰ মুঠ শক্তি আমদানিৰ মাত্ৰ একৰ পৰা দুই শতাংশহে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|