• Home
  • »
  • News
  • »
  • nation
  • »
  • Gujarat New CM: গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব ভূপেন্দ্ৰ পেটেল, বিধায়িনী দলৰ বৈঠকত সিদ্ধান্ত...

Gujarat New CM: গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব ভূপেন্দ্ৰ পেটেল, বিধায়িনী দলৰ বৈঠকত সিদ্ধান্ত...

ভূপেন্দ্ৰ পেটেল (Bhupendra Patel) গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব, বিধায়িনী দলৰ বৈঠকৰ লোৱা হৈছে এই সিদ্ধান্ত। ভূপেন্দ্ৰ পেটেল গুজৰাটৰ ঘাটলোডিয়া আসনৰ বিধায়ক।

  • Share this:
ভূপেন্দ্ৰ পেটেল (Bhupendra Patel) গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব (Bhupendra Patel New CM of Gujarat)। বিধায়িনী দলৰ বৈঠকৰ লোৱা হৈছে এই সিদ্ধান্ত। ভূপেন্দ্ৰ পেটেল গুজৰাটৰ ঘাটলোডিয়া আসনৰ বিধায়ক।ভূপেন্দ্ৰ ভাই ৰজনীকান্ত পেটেলে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত আহমেদাবাদ জিলাৰ ঘাটলোডিয়া আসনৰ পৰা কংগ্ৰেছৰ শশীকান্ত বাসুদেৱভাই পেটেলক পৰাজিত কৰিছিল। বিজয় ৰুপানীয়ে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত আজি গান্ধীনগৰত বিজেপি বিধায়িনী দলৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

দৰাচলতে, শনিবাৰে গুজৰাট ৰাজ্যৰ ৰাজনীতিত আটাইতকৈ ডাঙৰ খবৰটো  আহিছিল। ২০১৬ চনৰ পৰা গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা বিজয় ৰুপানীয়ে হঠাতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। ৰূপানীয়ে শনিবাৰে ৰাজ্যপালক লগ কৰিছিল আৰু তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছিল। ৰূপানীয়ে এনে এটা সময়ত পদত্যাগ কৰিছিল যেতিয়া বিধানসভা নিৰ্বাচনত এবছৰতকৈও কম সময় বাকী আছিল। গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হ'বলৈ সাজু হোৱা ঘাটলোডিয়াৰ MLA ভূপেন্দ্ৰ পেটেলে সন্ধিয়া ৫:৩০ বজাত ৰাজ্যপালৰ বাসভৱনলৈ যাব বলি সূত্ৰই CNN-News18ক জনায়।
Published by:Kokil Sarma
First published: