সোমবাৰে মুখ্যমন্ত্ৰী কমলনাথে দিল্লীত ছোনীয়া গান্ধীৰ সৈতে সাক্ষাৎ কৰে।
সোমবাৰে মুখ্যমন্ত্ৰী কমলনাথে দিল্লীত ছোনীয়া গান্ধীৰ সৈতে সাক্ষাৎ কৰে।
মধ্যপ্ৰদেশৰ কমলনাথ চৰকাৰৰ ওপৰত গভীৰ সংকট। ৰাজ্যখনৰ ৰাজনৈতিক অচলাৱস্থাক লৈ এতিয়া তৎপৰ বিজেপি। আজি সন্ধিয়া ৭ বজাত বিজেপি বিধায়িনী দলৰ বৈঠক। শিৱৰাজ সিং চৌহান হ'ব পাৰে BJPৰ বিধায়িনী দলৰ নেতা। প্ৰয়োজন হ’লেই শিৱৰাজ সিং চৌহানক নেতৃত্ব দিয়া হ’ব।
উল্লেখযোগ্য যে, সোমবাৰে মুখ্যমন্ত্ৰী কমলনাথে দিল্লীত ছোনীয়া গান্ধীৰ সৈতে সাক্ষাৎ কৰে। অৱশ্যে ৰাজনৈতিক সংকট শীঘ্ৰে নিৰসন হোৱাক লৈ আত্মবিশ্বাসী মুখ্যমন্ত্ৰীজনে কয়, কোনো ধৰণৰ বিবাদ বা সংকট মধ্যপ্ৰদেশ চৰকাৰৰ নাই। আনহাতে সূত্ৰমতে জ্যোতিৰাদিত্য সিন্ধিয়াক পিচিচিৰ মুৰব্বীৰ আসন প্ৰদান কৰা হ’ব পাৰে। কমলনাথে এই কথাত ৰাজী নোহোৱাক লৈ বিবাদ অব্যাহত।
সিন্ধিয়াক সমৰ্থন কৰা মন্ত্ৰী আৰু বিধায়কৰ ফোন ছুইটছড অফ হৈ আছে। এই কাৰ্যই কমলনাথ চৰকাৰৰ ওপৰত সংকটকে প্ৰতীয়মান কৰিছে। খবৰ মতে, সিন্ধিয়াৰ সমৰ্থক ৬মন্ত্ৰী আৰু ১১জন বিধায়ক বাংগালুৰুত আছে। আজি সন্ধিয়া মুখ্যমন্ত্ৰী হাউছত কমলনাথে বৈঠক অব্যাহত ৰাখিছে, এই বৈঠকত আছে কেইবাজনো মন্ত্ৰী আৰু দিগ্গজ নেতা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|