• Home
  • »
  • News
  • »
  • nation
  • »
  • মধ্যপ্ৰদেশত ৰাজনৈতিক নাটক! কমলনাথ চৰকাৰৰ ওপৰত সংকট, ফোন অফ কৰি বেংগালুৰুত ৬মন্ত্ৰী, ১১জন বিধায়ক

মধ্যপ্ৰদেশত ৰাজনৈতিক নাটক! কমলনাথ চৰকাৰৰ ওপৰত সংকট, ফোন অফ কৰি বেংগালুৰুত ৬মন্ত্ৰী, ১১জন বিধায়ক

সিন্ধিয়া শিবিৰৰ মন্ত্ৰী আৰু কেবাজনো বিধায়কৰ ফোন ছুইটছড অফ হৈ থকাৰ বাবে মধ্যপ্ৰদেশৰ ৰাজনীতিত নতুন সংকট দেখা দিছে। এই পৰ্যন্ত যশোৱন্ত জাতৱ, মুন্নালাল গোৱেল, গিৰাজ দণ্ডটিয়া, অ’পিএছ ভদোৰিয়া, মন্ত্ৰী প্ৰদ্যুম্ন সিং তোমৰ, মন্ত্ৰী ইমৰতি দেৱী আৰু মন্ত্ৰী তুলসী সিলাৱটৰ ফোন বন্ধ হৈ আছে।

  • Share this:
দিল্লীঃ মধ্যপ্ৰদেশৰ কমলনাথ চৰকাৰৰ ওপৰত গভীৰ সংকট। মুখ্যমন্ত্ৰী কমলনাথে আজি দিল্লীত ছোনীয়া গান্ধীৰ সৈতে সাক্ষাৎ কৰে। অৱশ্যে ৰাজনৈতিক সংকট শীঘ্ৰে নিৰসন হোৱাক লৈ আত্মবিশ্বাসী মুখ্যমন্ত্ৰীজনে কয়, কোনো ধৰণৰ বিবাদ বা সংকট মধ্যপ্ৰদেশ চৰকাৰৰ নাই। আনহাতে সূত্ৰমতে জ্যোতিৰাদিত্য সিন্ধিয়াক পিচিচিৰ মুৰব্বীৰ আসন প্ৰদান কৰা হ’ব পাৰে। কমলনাথে এই কথাত ৰাজী নোহোৱাক লৈ বিবাদ অব্যাহত। সিন্ধিয়াক সমৰ্থন কৰা মন্ত্ৰী আৰু বিধায়কৰ ফোন ছুইটছড অফ হৈ আছে। এই কাৰ্যই কমলনাথ চৰকাৰৰ ওপৰত সংকটকে প্ৰতীয়মান কৰিছে। খবৰ মতে, সিন্ধিয়াৰ সমৰ্থক ৬মন্ত্ৰী আৰু ১১জন বিধায়ক বাংগালুৰুত আছে। আজি সন্ধিয়া মুখ্যমন্ত্ৰী হাউছত কমলনাথে বৈঠক অব্যাহত ৰাখিছে, এই বৈঠকত আছে কেইবাজনো মন্ত্ৰী আৰু দিগ্গজ নেতা।

এই বিবাদ আৰু অনিশ্চয়তাৰ মাজত কমলনাথে আজি দিল্লীত ছোনীয়া গান্ধীক সাক্ষাৎ কৰে। কিছু সময় পৰ্যন্ত অব্যাহত থকা এই বৈঠকক লৈ সংবাদমাধ্যমৰো মুখামুখি হয় কমলনাথ। তেওঁ কয়, ভূপাললৈ গৈ আগন্তুক ৰণনীতি প্ৰস্তুত কৰা হ’ব। ৰাজ্যসভাৰ আসন আৰু প্ৰাৰ্থিত্বক লৈ আমাৰ মাজত কোনো বিবাদ নাই। আমাৰ নেত্ৰী ছোনীয়া গান্ধীৰ সৈতে সকলো বিষয়ত আলোচনা কৰা হৈছে, ৰাজ্যসভাৰ নামক লৈ সিদ্ধান্ত সোনকালে লোৱা হ’ব।

কমলনাথে কয়, বিজেপি নেতাসকলে এতিয়া ভয় খাইছে যে, ১৫বছৰৰ দুৰ্নীতি ফাদিল হ’ব আৰু বিজেপি নেতৃত্ব চিন্তিত হৈছে। মুখ্যমন্ত্ৰীয়ে কয়, মধ্যপ্ৰদেশ কংগ্ৰেছত কোনো লবী নাই। মই প্ৰত্যেক কংগ্ৰেছ কাৰ্যকৰ্তাৰ সৈতে আছো, মোৰ কোনো লবী নাই। সন্ধানহীন হোৱা বিধায়কসকলৰ প্ৰসংগত কমলনাথে কয়, বিধায়কসকলে কৈছে যে তেওঁলোক তীৰ্থযাত্ৰালৈ হৈছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰি ভূপাললৈ ৰাওনা হয়।

সিন্ধিয়াৰ সমৰ্থক মন্ত্ৰী–বিধায়কৰ ফোন বন্ধ

ইয়াৰ মাজতে সিন্ধিয়াৰ সমৰ্থক মন্ত্ৰী আৰু বিধায়কসকলে নতুন ৰণনীতি গ্ৰহণ কৰা দেখা গৈছে। সিন্ধিয়া শিবিৰৰ মন্ত্ৰী আৰু বিধায়কসকলৰ ফোন ছুইটছ অফ। জানিব পৰা মতে এই ৬জন মন্ত্ৰী আৰু ১১জন বিধায়ক বেংগালুৰুত আছে।
Published by:Tulika Devi
First published: