• Home
  • »
  • News
  • »
  • nation
  • »
  • কোৰোণাত আক্ৰান্ত হৈ মধ্য প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী লক্ষ্মীকান্ত শৰ্মাৰ বিয়োগ

কোৰোণাত আক্ৰান্ত হৈ মধ্য প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী লক্ষ্মীকান্ত শৰ্মাৰ বিয়োগ

প্ৰাক্তন মন্ত্ৰী শৰ্মাৰ নাম ব্যাপম কেলেংকাৰীৰ বাবে চৰ্চালৈ আহিছিল।

প্ৰাক্তন মন্ত্ৰী শৰ্মাৰ নাম ব্যাপম কেলেংকাৰীৰ বাবে চৰ্চালৈ আহিছিল।

প্ৰাক্তন মন্ত্ৰী শৰ্মাৰ নাম ব্যাপম কেলেংকাৰীৰ বাবে চৰ্চালৈ আহিছিল।

  • Share this:
মধ্য প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী লক্ষ্মীকান্ত শৰ্মাৰ সোমবাৰে মৃত্যু হয়। কোৰোণাত আক্ৰান্ত হৈছিল প্ৰাক্তন মন্ত্ৰীগৰাকী। তেওঁক ১২ মে’ত ভূপালৰ চিৰায়ু হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। স্বাস্থ্য সংকটজনক হোৱাত তেওঁক সোমবাৰে দুপৰীয়া এয়াৰ এম্বুলেঞ্চেৰে চেন্নাইলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু তাৰ পূৰ্বেই মৃত্যুক সাবটি লয় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। হাস্পতালত দুবাৰকৈ হাৰ্ট এটেক হয় শৰ্মাৰ।

উল্লেখযোগ্য যে প্ৰাক্তন মন্ত্ৰী শৰ্মাৰ নাম ব্যাপম কেলেংকাৰীৰ বাবে চৰ্চালৈ আহিছিল। মৃত্যুৰ সময়ত শৰ্মাৰ বয়স আছিল ৬০ বছৰ। তেওঁ ১৯৯৩ চনত প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তাৰ পিছত ১৯৯৮, ২০০৩, ২০০৮ত ছিৰোঞ্জ বিধানসভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল। বিবাদৰ বাবে ২০১৮ চনত বিজেপিয়ে তেওঁক প্ৰাৰ্থিত্ব নিদিলে। দলে তেওঁৰ কনিষ্ঠ ভাতৃ উমাকান্ত শৰ্মাক টিকট দিছিল আৰু তেওঁ বৰ্তমান ছিৰোঞ্জৰ বিধায়ক।
Published by:Sanjay Kumar Das
First published: