ৰাস্তাত গাড়ী-মটৰ চলা আপুনি দেখিছে, দেখিছে ৰাস্তাৰে মানুহৰ অহা-যোৱা। পিছে ৰাস্তাত কেতিয়াবা মডেলৰ কেটৱাক (Catwalk) দেখিছেনে! ফেচন শ্বোত সাধাৰণতে ৰেম্পত কেটৱাক কৰে মডেলে, পিছে এইবাৰ ৰাস্তাই হৈছে ৰেম্প।
মধ্য প্ৰদেশৰ ভূপাল (Bhopal)ৰ হোছংগাবাদ ৰোডৰ ওচৰৰ এটা অঞ্চলৰ মহিলাসকলে মডেলৰ ৰূপত ৰাস্তাত কৰিছে কেটৱাক। ঘৰৰ কাম-বন এৰি এইসকল মহিলা, লগতে কিশোৰী-যুৱতীও, ওলাই আহিছে কেটৱাক (Women Catwalk on Road) কৰিবলৈ। পিছে কোনো আনন্দৰ উৎসৱ নহয়, প্ৰতিবাদ কৰিবলৈহে এনেদৰে ৰাস্তাত কেটৱাক কৰিছে মহিলাসকলে।
ৰাস্তাৰ ওপৰত এই ফেচন শ্বো পাতি ডেনিছ নগৰৰ মহিলাসকলে তেওঁলোকৰ ৰেম্প হিচাপে ভঙা, পানীভৰ্তি, প্ৰকাণ্ড গাঁতেৰে ভৰা ৰাস্তাৰ ওপৰত কেটৱাক কৰিছে। শাৰী পিন্ধি আৰু পানী জমা হোৱা গাঁতবোৰৰ মাজেৰে খোজ কাঢ়ি মহিলাসকলে অঞ্চলটোৰ প্ৰকাণ্ড প্ৰকাণ্ড গাঁতেৰে ভৰা ৰাস্তাৰ প্ৰতি কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এনে অভিনৱ উপায়েৰে কৰিছিল প্ৰতিবাদ। তেওঁলোকৰ পথ মেৰামতিৰ দাবী প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এনে কৰিছিল।
প্ৰতিবাদী কেটৱাক (Catwalk Protest) কৰি মহিলাসকলে দাবী কৰিছিল যে কলনীটো পৌৰ নিগমক হস্তান্তৰ কৰিব লাগে আৰু তেওঁলোকৰ পথবোৰ ব্যৱহাৰ উপযোগীকৈ মেৰামতি কৰিব লাগে, অন্যথা আগন্তুক দিনত অঞ্চলটোৰ বাসিন্দাই সম্পত্তি কৰ পৰিশোধ কৰা বন্ধ কৰিব বুলি হুংকাৰ দিয়ে।।
ডেনিছ নগৰৰ বাসিন্দাসকলে ইণ্ডিয়া টুডেক কয় যে তেওঁলোকে সকলো পৰ্যায়তে ৰাস্তাটোৰ দুৰৱস্থাৰ বিষয়ে অভিযোগ উত্থাপন কৰিছে, কিন্তু সমস্যাটো এতিয়াও সমাধান হোৱা নাই। "ৰাস্তাত থকা বৃহৎ গাঁতবোৰৰ বাবে, প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আছে। তথাপিও ৰাস্তাটোৰ মেৰামতি কৰা হোৱা নাই। তেন্তে আমি কিহৰ বাবে কৰ পৰিশোধ কৰি আছো?" বুলি প্ৰশ্ন কৰে এজন বাসিন্দাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|