• Home
  • »
  • News
  • »
  • nation
  • »
  • Madhya Pradesh News: মধ্য প্ৰদেশত বায়ুসেনাৰ বিমান দুৰ্ঘটনাত পতিত, আহত অৱস্থাত উদ্ধাৰ পাইলটক

Madhya Pradesh News: মধ্য প্ৰদেশত বায়ুসেনাৰ বিমান দুৰ্ঘটনাত পতিত, আহত অৱস্থাত উদ্ধাৰ পাইলটক

কাশত বিমানখনৰ পৰা ধোঁৱা ওলোৱা দেখিছিল বহু লোকে। বিমানখন দ্ৰুতগতিত তললৈ নামি আহিছিল। এই দৃশ্য দেখি হুৱাদুৱা লাগে।

কাশত বিমানখনৰ পৰা ধোঁৱা ওলোৱা দেখিছিল বহু লোকে। বিমানখন দ্ৰুতগতিত তললৈ নামি আহিছিল। এই দৃশ্য দেখি হুৱাদুৱা লাগে।

কাশত বিমানখনৰ পৰা ধোঁৱা ওলোৱা দেখিছিল বহু লোকে। বিমানখন দ্ৰুতগতিত তললৈ নামি আহিছিল। এই দৃশ্য দেখি হুৱাদুৱা লাগে।

  • Share this:


মধ্য প্ৰদেশৰ ভিণ্ড জিলাৰ ববেৰী গাঁৱত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান মিৰাজ–২০০০ দুৰ্ঘটনাগ্ৰস্ত। বিমানখন ভিণ্ডৰ বিহৰোৰ খেতিপথাৰত ভূপতিত হয়। খেতিপথাৰত পৰাৰ ফলত মাটিত সোমাই পৰে দুৰ্ঘটনাগ্ৰস্ত বিমানখন। বায়ুসেনাই এই দুৰ্ঘটনাৰ তদন্ত ঘোষণা কৰিছে।

উল্লেখযোগ্য যে বিমানখন পাইলট ফ্লাইট লেফটেনেণ্ট অভিলাষে উৰুৱাই আছিল। দুৰ্ঘটনাগ্ৰস্ত স্থানৰ পৰা কিছু দূৰত আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে পাইলটজনক। লগে লগে তেওঁক ভৰ্তি কৰোৱা হয় হাস্পতালত। এই ঘটনা পুৱা ৮.১৫ বজাত সংঘটিত হয়।

জানিব পৰা মতে, আকাশত বিমানখনৰ পৰা ধোঁৱা ওলোৱা দেখিছিল বহু লোকে। বিমানখন দ্ৰুতগতিত তললৈ নামি আহিছিল। এই দৃশ্য দেখি হুৱাদুৱা লাগে। ইয়াৰ মাজতে লোকসকলে এটা পেৰাছ্যুটো দেখা পায়। পেৰাছ্যুটত এজন জোৱানক দেখা গৈছিল। গাঁওবাসীৰ মতে, যি স্থানত বিমানখন পৰিছে, তাত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয়। গাঁওবাসীয়ে ততালিকে এই খবৰ আৰক্ষীক দিয়ে। এছপি মনোজ কুমাৰ সিং আৰক্ষীৰ এটা দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয়। বায়ুসেনাৰ দলো ঘটনাস্থলীলৈ ৰাওনা হৈছে।

Published by:Sanjay Kumar Das
First published: