মুখ্যপৃষ্ঠা »খবৰ »দেশ »দেওবাৰে জলন্ধৰৰ পৰা পুনৰ আৰম্ভ 'ভাৰত জোড়ো যাত্ৰা'; ৰাহুল গান্ধীক সংগ দিলে সিদ্ধু মুছেৱালাৰ পিতৃয়েও

দেওবাৰে জলন্ধৰৰ পৰা পুনৰ আৰম্ভ 'ভাৰত জোড়ো যাত্ৰা'; ৰাহুল গান্ধীক সংগ দিলে সিদ্ধু মুছেৱালাৰ পিতৃয়েও

এই যাত্ৰা আৰম্ভণিৰ পিছত, গায়ক সিদ্ধু মুছেৱালাৰ পিতৃ বলকৌৰ সিঙেও ৰাহুল গান্ধীৰ সৈতে কিছু দূৰত্বলৈকে খোজ কাঢ়িছিল।

এই যাত্ৰা আৰম্ভণিৰ পিছত, গায়ক সিদ্ধু মুছেৱালাৰ পিতৃ বলকৌৰ সিঙেও ৰাহুল গান্ধীৰ সৈতে কিছু দূৰত্বলৈকে খোজ কাঢ়িছিল।

  • Share this:
কংগ্ৰেছ সাংসদ সন্তোষ সিং চৌধুৰীৰ মৃত্যুৰ বাবে ২৪ ঘণ্টালৈ স্থগিত ৰখা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দেওবাৰে পঞ্জাৱৰ খালচা মহাবিদ্যালয় খেলপথাৰৰ পৰা পুনৰ আৰম্ভ হয়। ৰাহুল গান্ধীৰ নেতৃত্বত 'ভাৰত জোড়ো যাত্ৰা'ত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰিছিল। এই যাত্ৰা আৰম্ভণিৰ পিছত, গায়ক সিদ্ধু মুছেৱালাৰ পিতৃ বলকৌৰ সিঙেও ৰাহুল গান্ধীৰ সৈতে কিছু দূৰত্বলৈকে খোজ কাঢ়িছিল। উল্লেখ্য যে, সন্তোষ সিং চৌধুৰীৰ অন্ত্যেষ্টিক্ৰিয়া দেওবাৰে জলন্ধৰ জিলাৰ তেওঁৰ জন্মস্থান ধালিৱালত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে কৰা হৈছিল। ৰাহুল গান্ধীও এই অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত আছিল। শনিবাৰে পঞ্জাৱৰ ফিল্লৌৰত কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা'ৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈ ৭৬ বছৰীয়া সাংসদগৰাকীৰ মৃত্যু হয়।

মুছেৱালাৰ পিতৃৰ অংশগ্ৰহণ-

যাত্ৰা পুনৰ আৰম্ভ কৰাৰ আগতে ৰাহুল গান্ধীয়ে জলন্ধৰৰ দেৱী তালাব মন্দিৰত প্ৰাৰ্থনা কৰিছিল। বিয়লি প্ৰায় ৩ বজাত আৰম্ভ হোৱা যাত্ৰাত সিদ্ধু মুছেৱালাৰ পিতৃয়েও কিছুদূৰ ৰাহুল গান্ধীৰ সৈতে খোজ কাঢ়িছিল। তেওঁলোক দুয়োজনে ইজনে সিজনক সাৱটি ধৰিছিল। উল্লেখ্য যে, সিদ্ধু মুছেৱালাক যোৱা বছৰ মে মাহত পঞ্জাৱৰ মানসা জিলাত আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল। শনিবাৰে কংগ্ৰেছৰ তৰফৰ পৰা টুইটযোগে কোৱা হয়, "আজি প্ৰখ্যাত পাঞ্জাৱী গায়ক স্বৰ্গীয় সিদ্ধু মুছেৱালাৰ পিতৃ বলকৌৰ সিং সিদ্ধুৱে ৰাহুল গান্ধীৰ সৈতে ঘৃণা, ভয় আৰু হিংসাৰ শক্তিক উপযুক্ত প্ৰত্যুত্তৰ দিয়ে।" পৰৱৰ্তীকালত দুজন যুৱকে ৰাহুল গান্ধীক সিদ্ধু মুছেৱালাৰ এখন প্ৰতিচ্ছবিও প্ৰদান কৰে।

মুছেৱালাই কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছিল-

মুছেৱালাই ২০২২ চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ টিকটত মানসা আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল, কিন্তু তেওঁ পৰাজয়বৰণ কৰিছিল।

মন কৰিবলগীয়া যে, দেওবাৰৰ যাত্ৰাত পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুৰব্বী অমৰিন্দৰ সিং ৰাজা ৱাদিং, বিধানসভাৰ বিৰোধী দলৰ নেতা প্ৰতাপ সিং বাজৱা, প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী, বিধায়ক পৰগত সিং আৰু দলৰ অন্যান্য নেতাসকলক সহযোগ কৰিছিল।

শেহতীয়া বাতৰি