কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে দলটোৰ ‘ভাৰত জোৰো’ যাত্ৰাৰ মাজতে বৰষুণত খোজকাঢ়ি মাৰ্চ কৰে আৰু বহু সংখ্যক লোকে তেওঁক সমৰ্থন কৰি শ্লগান আৰু ধ্বনি দিয়ে। ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ টুমকুৰ জিলাৰ হুৰিয়ুৰত দিনৰ আহাৰ গ্ৰহণ কৰাৰ বাবে কিছু সময় ৰখাৰ পাছত নিজৰ যাত্ৰা আৰম্ভ কৰে আৰু অলপ দূৰ যোৱাৰ পাছত বৰষুণ দিয়া আৰম্ভ হয়। কিন্তু কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ আৰু তেওঁৰ সমান্তৰালকৈ অন্য দলৰ নেতা তথা কাৰ্যকৰ্তাসকলে বৰষুণত তিতি নিজৰ যাত্ৰা অব্যাহত ৰাখিলে। বিগত সপ্তাহত ৰাহুল গান্ধীয়ে মহিসুৰত বৰষুণত তিতি ৰাইজক সম্বোধন কৰিছিল আৰু নিজৰ ভাষণৰ সামৰণিত কৈছিল যে "আমাক কোনেও ৰখাব নোৱাৰে।"
ৰাহুল গান্ধীয়ে কৈছিল, ‘‘এই যাত্ৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাব আৰু বন্ধ নহ’ব। আপুনি দেখিছে যে বৰষুণ দি আছে কিন্তু বৰষুণে এই যাত্ৰা বন্ধ কৰিব নোৱাৰিলে। গৰম, ঠাণ্ডা বা ধুমুহাই এই যাত্ৰাক ৰখাব নোৱাৰে।’’ তেওঁ লগতে কয় যে, ‘‘এই নদীসদৃশ যাত্ৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাব আৰু এই নদীত আপুনি ঘৃণা আৰু হিংসাৰ কোনো চিহ্ন দেখা নাপাব। ইয়াত কেৱল প্ৰেম আৰু ভাতৃত্ববোধ থাকিব কিয়নো সেয়াই হৈছে ভাৰতৰ ইতিহাস আৰু ইয়াৰ ডিএনএত সেইটোৱেই আছে।’’ তেওঁৰ লগত ৰণদীপ সুৰজেৱালা আৰু কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰসহ অন্য নেতাও উপস্থিত আছিল উক্ত দিনটোত।
ৰাহুল গান্ধীয়ে টুমকুৰ জিলাৰ তিতা ৰাস্তাত খোজ কাঢ়ি যোৱাৰ সময়ত কংগ্ৰেছ নেতাসকলে হুৰিয়ুৰত থকা তেওঁৰ শিবিৰৰ স্থানৰ পৰা বৰষুণৰ বাবে জমা হোৱা পানী উলিয়াবলৈ বিশেষ ব্যৱস্থা কৰিছিল। পথচাৰীসকলক শিবিৰৰ স্থানত প্ৰৱেশ কৰাৰ পথ প্ৰস্তুত কৰিবলৈ ৰণদীপ সুৰজেৱালাক এখন ট্ৰাকৰ পৰা বালি আৰু শিলগুটি নমোৱা দেখা গৈছিল। ৰাহুল গান্ধীয়ে পোচকাট্টেৰ পৰা সোমবাৰে যাত্ৰা আৰম্ভ কৰিছিল আৰু ১১ কিলোমিটাৰ খোজ কাঢ়ি হুলিয়াৰৰ কেনকেৰেত প্ৰথম বিৰতি লৈছিল।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|