কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাই বৃহস্পতিবাৰে জম্মুত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে পঞ্জাৱত ভাৰত জোড়ো যাত্ৰা সম্পূৰ্ণ কৰে। অহা ৩০ জানুৱাৰীলৈকে তেওঁ জম্মু-কাশ্মীৰত ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিব।
ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাইজক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে, "মোৰ পূৰ্বপুৰুষসকল এই ভূমি (জম্মু-কাশ্মীৰ) ৰ বাসিন্দা আছিল। এনে লাগিছে যেন মই ঘৰলৈ উভতি আহিছো। এজন মানুহে যেতিয়া নিজৰ মূললৈ উভতি যায়, তেতিয়া তেওঁ নিজৰ আৰু দেশৰ বিষয়ে বহু কথা জানিব পাৰে। আপোনালোকৰ পৰা শিকিবলৈ আহিছো।"
ৰাহুল গান্ধীয়ে কয়, "মই জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ দুখ-কষ্ট জানো। মই মূৰ তল কৰি আপোনালোকৰ ওচৰলৈ আহিছো। ঘৃণা, হিংসা, নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতি আমাৰ সন্মুখত ডাঙৰ সমস্যা। কোৱা হয় যে দুখন ভাৰতৰ সৃষ্টি হৈছে। এখন হ'ল 'ধনকুবেৰৰ ভাৰত' আৰু আনখন 'ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষক, শ্ৰমিকৰ ভাৰত'। ইয়াত বিজেপি আৰু আৰ এছ এছ মানুহৰ পকেট কটাত ব্যস্ত। দিনে দিনে লাভবান হবলৈ আৰম্ভ কৰিছে পুঁজিপতিসকল।"
তদুপৰি, কংগ্ৰেছ নেতাজনে কয়, "কৃষকৰ বিৰুদ্ধে তিনিখন ক'লা আইন প্ৰৱৰ্তন কৰা হৈছিল। জিএছটিৰ দৰে আইনৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়ীক নিৰ্মূল কৰা হৈছে। কোটিপতি হ'লে জিএছটি নাই, ক্ষুদ্ৰ ব্যৱসায়ীয়ে বিক্ৰী কৰিলে দুটা জিএছটি।" ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা জম্মুৰ লক্ষণপুৰৰ পৰা কাঠুৱা, হীৰানগৰ, বানিহাল সুৰংগ হৈ কাশ্মীৰ উপত্যকালৈ যাব। অহা ৩০ জানুৱাৰীত শ্ৰীনগৰত এক বৃহৎ সমাৱেশৰ জৰিয়তে কাশ্মীৰ যাত্ৰাৰ সামৰণি পৰিব।
আনহাতে, ৰাহুল গান্ধীৰ কাশ্মীৰ ভ্ৰমণৰ সময়ত তেওঁৰ আশে-পাশে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। দেহৰক্ষীৰ লগতে চি আৰ পি এফ আৰু কাশ্মীৰ আৰক্ষীকো নিয়োগ কৰা হৈছে। মঙলবাৰে জম্মু-কাশ্মীৰৰ ডিজিপি দিলবাগ সিঙে কয় যে ৰাহুল গান্ধীক পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰা হ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।