মধ্যপ্ৰদেশৰ নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী ভূপেন্দ্ৰ সিঙে কংগ্ৰেছৰ ‘ভাৰত জোৰো যাত্ৰা’ক কটাক্ষ কৰি ইয়াৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। তেখেতে কয় যে, কংগ্ৰেছৰ এই যাত্ৰা গান্ধী পৰিয়ালক বচোৱাৰ বাবে আৰম্ভ কৰা হৈছে। ৰাহুল গান্ধীক তেওঁৰ নিজৰ দলৰ মানুহেই গম্ভীৰভাৱে নলয় বুলিও মন্তব্য কৰে। আমোলাতন্ত্ৰ সন্দৰ্ভত মন্ত্ৰীসকলৰ ফালৰ পৰা উত্থাপন কৰা প্ৰশ্নসমূহৰ বিষয়ে ভুপেন্দ্ৰ সিঙে কয় যে, বিষয়াসকল আৰু মন্ত্ৰীয়ে একেলগে মিলি কাম কৰে। তেওঁলোকে পৰিকল্পনা কৰে আৰু আমোলাসকলে ইয়াক কাৰ্যকৰী কৰাৰ দিশত কাম কৰে। দুয়োৰে মাজত সমন্বয়ৰে কাম হয়। তেখেতে চৰকাৰ আৰু প্ৰশাসনৰ মাজৰ সম্পৰ্কক বহুত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে।
নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী ভূপেন্দ্ৰ সিঙে বিজেপিক এটা কেডাৰবেছ দল বুলি অভিহিত কৰে। বিজেপিত এক পৰ্যায়ৰ বৈঠক আছে আৰু দলটো সদায়ে নিৰ্বাচনৰ বাবে সাজু। পৌৰ নিৰ্বাচনত বিজেপিয়ে ৮৫ শতাংশ আসন লাভ কৰিছিল। তেখেতে লগতে কয় যে, যি ঠাইত মেয়ৰ পৰাজিত হৈছিল সেই ঠাইত তেওঁলোকৰ অধিক কাউঞ্চিলৰ আছে। ভূপালৰ মাষ্টাৰ প্লেনৰ বিষয়ে আলোচনা কৰি সিঙে কয় যে এইটো ছেপ্টেম্বৰ মাহৰ ভিতৰত আহিব যাৰ পৰিকল্পনা উন্নয়নৰ দিশত সাজু কৰা হৈছে। ইয়াত নতুন প্ৰযুক্তিৰে পথ নিৰ্মাণ কৰা হ'ব।
মাষ্টাৰ প্লেন সম্পূৰ্ণৰূপে আপডেট কৰা হৈছেঃসিঙে অভিযোগ কৰে যে কংগ্ৰেছৰ সময়ত ভূপালৰ মাষ্টাৰ প্লেনত যথেষ্ট অনিয়ম হৈছিল। সেই প্লেনত মাষ্টাৰ প্লেনৰ মাপকাঠিবোৰ অনুসৰণ কৰা হোৱা নাছিল। তাত সেউজ পৰিৱেশ সম্পূৰ্ণৰূপে আঁতৰ কৰা হৈছিল। হ্ৰদটোৰ কাষটোও সম্পূৰ্ণৰূপে বাণিজ্যিকীকৰণ কৰা হৈছিল। এতিয়া মাষ্টাৰ প্লেনটো মাপকাঠি অনুসৰি পুনৰীক্ষণ কৰা হৈছে। ইয়াক সকলো ধৰণে উন্নত কৰা হৈছে। সিঙে কয় যে ভূপালৰ মাষ্টাৰ প্লেন উন্নয়ন, পৰিৱেশ, পৰ্যটন আৰু হ্ৰদটো সুৰক্ষিত কৰাৰ লক্ষ্যৰে সম্পূৰ্ণৰূপে উন্নীত কৰা হৈছে।
ৰাহুলে প্ৰথমে কংগ্ৰেছ একত্ৰিত কৰিব লাগে: সিংসিঙে কয় যে ৭ খন চহৰ স্মাৰ্ট চিটি হ'ব। ইন্দোৰ-ভূপালত স্মাৰ্ট চিটিৰ কাম সম্পূৰ্ণ হৈছে। নিউ টাউনৰ বাবে ৰাজ্যখনৰ তিনিটা স্থান বাছনি কৰা হৈছে। ভূপাল-ইন্দোৰত মেট্ৰ'ৰ কামও দ্ৰুত গতিত চলি আছে। মেট্ৰ' ২০২৩ চনৰ আগষ্টৰ ভিতৰত তাত চলিবলৈ আৰম্ভ কৰিব। সিঙে অভিযোগ কৰে যে কংগ্ৰেছে ভাৰত ভাঙিবলৈ কাম কৰিছে। তেওঁ ৰাহুল গান্ধীক প্ৰথমে কংগ্ৰেছক একত্ৰিত কৰিবলৈ পৰামৰ্শ দিয়ে। দেশখন সংযুক্ত হৈ আছে। ৰাহুল গান্ধীৰ ৰাজনীতি অপৰিপক্ক আৰু বিজেপিয়ে দেশক শক্তিশালী কৰি আছে বুলিও তেখেতে মন্তব্য আগবঢ়ায়।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|