• Home
  • »
  • News
  • »
  • nation
  • »
  • নাকেৰে দিয়া হ’ব ক'ৰোনাৰ বুষ্টাৰ ড'জ, ভাৰত বায়'টেকৰ ভেকচিনৰ তৃতীয়টো ট্ৰায়েলৰ সফলতা

নাকেৰে দিয়া হ’ব ক'ৰোনাৰ বুষ্টাৰ ড'জ, ভাৰত বায়'টেকৰ ভেকচিনৰ তৃতীয়টো ট্ৰায়েলৰ সফলতা

ভাৰত বায়'টেক আন্তঃৰাষ্ট্ৰীয় লিমিটেডে ইয়াৰ তৃতীয় পৰ্যায় আৰু বুষ্টাৰ ড'জৰ ট্ৰায়েল (পৰীক্ষণ) সম্পূৰ্ণ কৰিলে।

ভাৰত বায়'টেক আন্তঃৰাষ্ট্ৰীয় লিমিটেডে ইয়াৰ তৃতীয় পৰ্যায় আৰু বুষ্টাৰ ড'জৰ ট্ৰায়েল (পৰীক্ষণ) সম্পূৰ্ণ কৰিলে।

ভাৰত বায়'টেক আন্তঃৰাষ্ট্ৰীয় লিমিটেডে ইয়াৰ তৃতীয় পৰ্যায় আৰু বুষ্টাৰ ড'জৰ ট্ৰায়েল (পৰীক্ষণ) সম্পূৰ্ণ কৰিলে।

  • Share this:
অতি শীঘ্ৰেই ইনজেকচনৰ সলনি নাকৰ দ্বাৰা দিয়া হ’ব ক'ৰোনাৰ প্ৰতিষেধক। ভাৰত বায়'টেক আন্তঃৰাষ্ট্ৰীয় লিমিটেডে ইয়াৰ তৃতীয় পৰ্যায় আৰু বুষ্টাৰ ড'জৰ ট্ৰায়েল (পৰীক্ষণ) সম্পূৰ্ণ কৰিলে। জানিব পৰা মতে, ভাৰত চৰকাৰৰ পৰা অতি সোনকালেই এই প্ৰস্তাৱৰ সন্মতি পোৱাৰ সম্ভাৱনা আছে। অৰ্থাত্‍ এতিয়াৰ পৰা যদি কোনোবাই ক'ৰোনাৰ বুষ্টাৰ ড'জ ল’ব বিচাৰে তেনেহ’লে তেওঁক ইনজেকচনৰ সলনি নাকৰ ৰাস্তাৰে ন’জল ড্ৰপৰ দ্বাৰা ক'ৰোনাৰ প্ৰতিষেধক দিয়া হ’ব। ভাৰত বায়'টেকে জনাই যে, ক'ৰোনাৰ প্ৰতিৰোধ কৰিবলৈ দুটা প্ৰাৰম্ভিক পালি আৰু এটা বুষ্টাৰ পালিৰ বাবে BBV154ৰ দুটা বেলেগ বেলেগ ক্লিনিকেন (ৰাসায়নিক) পৰীক্ষা কৰা হৈছিল যি সম্পূৰ্ণ সুৰক্ষিত পোৱা গ’ল। মন কৰিবলগীয়া যে, যিসকল ব্যক্তিৰ ক'ৰোনাৰ দুটা প্ৰতিষেধক ইতিমধ্যে লোৱা হৈছে তেওঁলোকে বুষ্টাৰ পালি লোৱাৰ প্ৰয়োজন হয়।

ভাৰত বায়'টেকৰ তথ্য অনুসৰি, পৰীক্ষণটো ভালদৰে সহ্য কৰিবলৈ সক্ষম আৰু প্ৰতিৰক্ষামূলক হয়। BBV154 হৈছে কোভিড-19-ৰ বাবে এক অন্তঃনাসিক প্ৰতিষেধক। অৰ্থাৎ, ইয়াক নাকৰ জৰিয়তে শৰীৰলৈ প্ৰেৰণ কৰা হয়। ইয়াক স্পাইক প্ৰ'টিন প্ৰযুক্তিৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। ভাৰত বায়'টেকৰ মতে, প্ৰতিষেধকটোৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ সফল হৈছে। ভাৰত বায়'টেকে লগতে জনায় যে, প্ৰথম আৰু দ্বিতীয় পৰীক্ষণত নতুনকৈ প্ৰস্তুত নাকৰ প্ৰতিষেধকটো সুৰক্ষিত হোৱাৰ লগতে ই ভালদৰে সহ্য কৰিব পৰা আৰু ইমিউনোজেনিক বুলি প্ৰমাণিত হৈছে। তেওঁলোকৰ এক বিবৃতি অনুসৰি, প্ৰথম পালিৰ বাবে তৃতীয় পৰ্যায়ৰ পৰীক্ষণটো সম্পূৰ্ণৰূপে সুৰক্ষিত আছিল আৰু ক'ভেক্সিনৰ তুলনাত BBV154 ৩,১০০ টা ক্ষেত্ৰত ইমিউনোজেনিক (প্ৰতিৰক্ষামূলক) আছিল। এই পৰীক্ষণটো দেশৰ ১৪ টা ভিন্ন স্থানত কৰা হৈছিল বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, এই প্ৰতিষেধকটো এনে ধৰণৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে যে ইয়াক নিম্ন তথা মধ্যম আয়ৰ দেশসমূহৰ বাবে মূল্য হিচাপে অৰ্থনৈতিক হয়। ভাৰত বায়টেকৰ বিবৃতি অনুসৰি, BBV154 ক চেন্ট লুইচতস্থিত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ অংশীদাৰীত্বত প্ৰস্তুত কৰা হৈছে।
Published by:Sanjay Kumar Das
First published: