• Home
  • »
  • News
  • »
  • nation
  • »
  • আজি কৃষক সংগঠনৰ ভাৰত বন্ধ, বিভিন্ন স্থানত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

আজি কৃষক সংগঠনৰ ভাৰত বন্ধ, বিভিন্ন স্থানত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

ফাইল ফটো

ফাইল ফটো

কৃষক নেতা বলদেৱ সিঙে কয় যে, এই আন্দোলন কেৱল পঞ্জাৱৰ কৃষকৰে নহয় বৰঞ্চ সমগ্ৰ দেশৰ কৃষকৰ।

  • Share this:
কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে বিক্ষোভৰ মাজতে কৃষক সংগঠনে আজি ভাৰত বন্ধৰ আহ্বান জনাইে। যোৱা ১১ দিনে দিল্লীৰ সীমান্তত বিক্ষোভ প্ৰদৰ্শন কৰা কৃষক সংগঠন আৰু চৰকাৰৰ মাজত আলোচনাৰ কোনো সুফল ওলোৱা নাই। অৱশ্যে ইয়াৰ মাজতে ৯ ডিচেম্বৰত আকৌ এবাৰ কৃষক সংগঠন আৰু কেন্দ্ৰ চৰকাৰৰ মাজত আলোচনা হ’ব। কিন্তু তাৰ পূৰ্বে সকলো কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান জনাইছে।

কৃষক নেতা বলদেৱ সিঙে কয় যে, এই আন্দোলন কেৱল পঞ্জাৱৰ কৃষকৰে নহয় বৰঞ্চ সমগ্ৰ দেশৰ কৃষকৰ। আন্দোলন শক্তিশালী কৰিবলৈ আমি ভাৰত বন্ধৰ আহ্বান কৰিছো। পুৱা ৮ বজাৰ পৰা সন্ধিয়ালৈকে চলিব এই বন্ধ। এই সময়চোৱাত দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব। হাৰিয়ানা, পঞ্জাব আৰু ৰাজস্থানত সকলো হাট বন্ধ থাকিব। কিন্তু বিয়াৰ সকলো কাৰ্যসূচীক ৰেহাই দিয়া হৈছে। এম্বুলেন্স আৰু জৰুৰীকালীন সেৱাসমূহক ৰেহাই দিয়া হৈছে।

উল্লেখ্য যে, কংগ্ৰেছ, টিআৰএছ, দ্ৰমুক, শিৱসেনা, সমাজবাদী পাৰ্টী, আপ সহ অন্য পাৰ্টিয়ে কেন্দ্ৰ চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে কৃষক সংগঠনে দিয়া ভাৰত বন্ধলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে।
Published by:Sanjay Kumar Das
First published: